অসম

assam

ETV Bharat / state

Same Sex Marriage: অসমৰ দুই যুৱতীৰ বিয়া; সুকলমে সমাপন আঙুঠি পিন্ধোৱা পৰ্ব

প্ৰেমে যেতিয়া পূৰ্ণতা পাই, সেই সুখ কিমান পোৱাজনেহে জানে ৷ নায়ক নোহোৱা দুই নায়িকাৰ প্ৰেম কাহিনীয়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ সোঁতৰ বিপৰীতে গৈ সমাজৰ সকলো বাধাকো নেওচি যুগ্মজীৱনৰ বাবে আগবাঢ়িছে মনিষা ৰাভা আৰু এলিজা বেগমে (Ring ceremony of Eliza and Manisha)৷

By

Published : May 12, 2023, 10:56 PM IST

Ring ceremony of Eliza and Manisha
প্ৰেমক পূৰ্ণতা দিয়াৰ পথত মনিষা আৰু এলিজা

প্ৰেমক পূৰ্ণতা দিয়াৰ পথত মনিষা আৰু এলিজা

গুৱাহাটী, 12 মে’: অসমৰ এখন বিশেষ বিয়াৰ খবৰে দৃষ্টি কাঢ়িছে সকলোৰে (Same Sex Marriage in Assam)৷ এখন ব্যতিক্ৰমী বিবাহ ৷ অমি প্ৰায়েই কওঁ প্ৰেমৰ কোনো সংজ্ঞা নাই, প্ৰেমৰ নাই কোনো জাতি-ভেদ,উচ্চ-নীচ ৷ প্ৰেম স্বৰ্গীয় ৷ এই কথাকে প্ৰমাণ কৰিলে আমাৰ আজিৰ কাহিনীৰ দুই নায়িকাই ৷

এয়া আমাৰ প্ৰচলিত সমাজ ব্যৱস্থাৰ যুৱক যুৱতীৰ প্ৰেম কাহিনী নহয় । কাৰণ এই প্ৰেম কাহিনীত নাই কোনো নায়কৰ চৰিত্ৰ । এই প্ৰেম কাহিনীৰ দুয়োগৰাকীয়ে হৈছে নায়িকা । সোঁতৰ বিপৰীতে গৈ সমাজৰ সকলো বাধাকো নেওচি যুগ্মজীৱনৰ বাবে আগবাঢ়িছে মনিষা ৰাভা আৰু এলিজা বেগমে (Ring ceremony of Eliza and Manisha)৷

শুকুৰবাৰে দুয়োগৰাকী যুৱতীয়ে নিজ সম্পৰ্কক সামাজিক স্বীকৃতি দিবলৈ আঙুঠি পিন্ধোৱা পৰ্ব অনুষ্ঠিত কৰে ৷ মনিষা আৰু এলিজাই বন্ধু-বৰ্গ আৰু পৰিয়ালৰ লোকৰ উপস্থিতিত সম্পন্ন কৰিলে আঙুঠি পিন্ধোৱাৰ আনুষ্ঠানিকতা ৷ চিৰদিন জীৱনসংগী হিচাপে একলগে থকাৰ অংগীকাৰ দুয়োৰে। অচিৰেই বিবাহপাশত আবদ্ধ হ’ব দুয়ো ৷

পেছাত এগৰাকী নাৰ্চ এলিজা বেগম ৷ এলিজাৰ ঘৰ কামৰূপ জিলাৰ নগৰবেৰাত ৷ পূৰ্বে এজন পুৰুষৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল যদিও পৰৱৰ্তী সময়ত বিবাহ বিচ্ছেদ কৰিছিল এলিজাই ৷ তাৰ পিচতেই জীৱনৰ খলা বমা বাটত মনে মিলা বকোৰ মনিষাক লগ পাই এলিজাই ৷ দিন বাগৰি যোৱাৰ লগে লগে মনিষাৰ সৈতে সম্পৰ্ক গাঢ় হয় এলিজাৰ ৷ অৱশেষত মনিষাৰ সৈতে নতুনকৈ জীৱনৰ সপোন দেখে এলিজাই ৷ এতিয়া অচিৰেই বিয়াত বহিব এই প্ৰেমিকযুগলটো ৷

ইয়াৰ পাচতে দুয়োৰে আঙুঠি পিন্ধোৱা পৰ্বৰ ফটো, ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চা লাভ কৰিছে ৷ দুয়োৰে ফটো শ্বেয়াৰ কৰি একাংশ লোকে দুয়োকে নৱজীৱনৰ শুভেচ্ছা জনাইছে ৷

উল্লেখ্য, স্পেচিয়েল মেৰিজ এক্ট ১৯৫৪ ৰ অধীনত সমলৈংগিক বিবাহৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে ১০ বাৰলৈ শুনানি গ্ৰহণ কৰিছে । যোৱা ১১ মে'ত শুনানি গ্ৰহণৰ অন্তত ন্যায়ালয়ে ৰায়দান সুৰক্ষিত ৰাখিছে । পিচে ন্যায়ালয়ে এতিয়ালৈ সমলৈংগিক বিবাহক সন্মতি দিয়ে নে নিদিয়ে সেই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই ৷

লগতে পঢ়ক:Community wedding: মহানগৰীত সমূহীয়া বিয়া, মণ্ডপত বহিল ২৫ যোৰা দৰা-কইনা

ABOUT THE AUTHOR

...view details