গুৱাহাটী, ২২ ছেপ্টেম্বৰ:অসমীয়া চলচ্চিত্ৰ প্ৰেমীসকলৰ বাবে এটা ভাল খবৰ । আজি মুক্তি লাভ কৰিলে পৰিচালক ৰীমা দাসৰ বহু প্ৰত্যাশিত অসমীয়া ছবি ‘তৰা’ছ হাজবেণ্ড’। ফ্লাইং ৰিভাৰ ফিল্মছৰ প্ৰডাকচনৰ সহযোগত নিৰ্মাণ কৰা হৈছে ‘তৰা’ছ হাজবেণ্ড’ নামৰ এই ছবিখন ৷ অৱশ্যে এই ছবিখন ৰাজ্যৰ লগতেই বহিঃ ৰাজ্যৰ ছবিগৃহতো মুক্তি দিয়া হ’ব ৷ অৱশ্যে অসমতহে আজি মুক্তি দিয়া হৈছে ছবিখন ৷ ৰাজ্যৰ মুঠ ৩৬ টা ছবিগৃহত আজি মুক্তি লাভ কৰিছে ছবিখনে।
বহিঃৰাজ্যত কেতিয়া মুক্তি দিয়া হ’ব এই ছবিখন ?
যিহেতু অসমৰ বহু মানুহ কৰ্মসূত্ৰে বহিঃৰাজ্যত থাকিবলগীয়া হয় ৷ যাৰ বাবে অসমীয়া ছবি ছবিগৃহত চোৱাৰ পৰা বঞ্চিত হ’বলগীয়া হয় ৷ সেয়েহে, ৰীমা দাসে বহিঃৰাজ্যত থকা লোকসকলৰ বাবে ছবিখন চোৱাৰ ব্যৱস্থা কৰিছে ৷ মুম্বাই, হায়দৰাবাদ, দিল্লী, বাংগালুৰুৰ, চেন্নাইত অহা ২৮ ছেপ্টেম্বৰত মুক্তি দিয়া হ’ব ছবিখন । কেৱল বহিঃৰাজ্যতে নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ছবিখনৰ প্ৰদৰ্শনৰ বাবে বিশেষ আয়োজন কৰা হৈছে ৷ হয়, অষ্ট্ৰেলিয়াতো ছবিখনৰ বিশেষ দৰ্শনীৰো ব্যৱস্থা কৰা হৈছে। ভাৰতৰ আন ৰাজ্যৰ লগতে অষ্ট্ৰেলিয়াত ২৮ ছেপ্টেম্বৰত মুক্তি দিয়া হ’ব এই ছবিখন ।