অসম

assam

Rima Das new film: শীঘ্ৰেই অসমৰ ছবিগৃহলৈ আহি আছে ৰীমা দাসৰ তৰা’ছ হাজবেণ্ড

By

Published : Aug 22, 2023, 12:40 PM IST

২২ ছেপ্টেম্বৰত অসমৰ ছবিগৃহলৈ আহি আছে পৰিচালক ৰীমা দাসৰ নতুন ছবি "তৰা'ছ হাজবেণ্ড"। অসমৰ ৩৩ টা ছবিগৃহত মুক্তি লাভ কৰিব ছবিখন । ছবিখনে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সমাদৰ লাভ কৰিছে ।

Rima Das's new film Tora's Husband will released on September 22
ৰীমা দাসৰ নতুন ছবি

চিটাৰা ডেস্ক, ২২ আগষ্ট:অসমৰ চলচ্চিত্ৰ প্ৰেমীসকলৰ বাবে এটা ভাল খবৰ । অহা ২২ ছেপ্টেম্বৰত অসমৰ ছবি গৃহলৈ আহি আছে পৰিচালক ৰীমা দাসৰ এখন নতুন ছবি ৷ ছবিখনৰ নাম "তৰা’ছ হাজবেণ্ড"। অসমৰ ৩৩ টা ছবিগৃহত অহা ২২ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব "তৰা'ছ হাজবেণ্ড" ছবিখন ।

উল্লেখ্য যে কেৱল অসমতেই নহয়, এই ছবিখন অসমৰ লগতে মুম্বাই, হায়দৰাবাদ, দিল্লী, বাংগালুৰুৰ ছবিগৃহতো একে সময়তে মুক্তি লাভ কৰিব । যাতে বহিঃৰাজ্যত কৰ্মেসূত্ৰে থকা লোকসকলেও এই ছবিখন উপভোগ কৰিব পাৰে ৷ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিজিৎ দাস আৰু তৰালী দাসে । ইয়াৰোপৰি ছবি খনত অভিনয় কৰিছে পূর্বাঞ্চলী দাস, সীমান্ত দাস, সুকুমাৰ মেধি, নিকুঞ্জ খাউণ্ডকে ধৰি কেইবাজনো অভিনেতা-অভিনেত্ৰীয়ে ।

ৰীমা দাসৰ নতুন ছবি

ক’ভিড মহামাৰী আৰু লকডাউনৰ সময়ত সৃষ্টি হোৱা বিভীষিকা আৰু প্রত্যাহ্বানৰ কাহিনীৰে নিৰ্মাণ কৰা হৈছে "তৰা'ছ হাজবেণ্ড" ছবিখন । ইফালে ২০২২ চনত টৰণ্টো আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱৰ প্রতিযোগিতা শাখাত ছবিখনৰ ৱর্ল্ড প্রিমিয়াৰ অনুষ্ঠিত হয় ৷ বুছান চলচ্চিত্র মহোৎসৱতো ছবিখনৰ প্রিমিয়াৰ ইতিমধ্যে অনুষ্ঠিত হৈছে । একেদৰেই বেংককত অনুষ্ঠিত বিশ্ব চলচ্চিত্র মহোৎসৱ, হেইনান আইলেণ্ড ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল, অ’ছাকা এছিয়ান, চলচ্চিত্র মহোৎসৱ, কলকাতা চলচ্চিত্র মহোৎসৱ, পুনে আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱতো "তৰা'ছ হাজবেণ্ড" ছবিখন ইতিমধ্যে প্রদর্শিত হৈছে । আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ সমূহৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ছবিখনে ।

ৰীমা দাসৰ নতুন ছবি

উল্লেখযোগ্য যে, ২০১৭ চনত "ভিলেজ ৰক ষ্টাৰ" ছবিখনৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছিল ৰীমা দাস । "ভিলেজ ৰক ষ্টাৰ" ছবিখন বৰ্তমানলৈ প্ৰায় ৮০ খন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰদৰ্শিত হৈছে । ইয়াৰে ভিতৰত ৪৪টা ভিন্ন শিতানত ছবিখনে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰোপৰি তেওঁৰ অন্য এখন ছবি "বুল বুল কেন ছিং", এই ছবি খনেও কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:Xubidhabadi song out: সুবিধাবাদী গীতটি মুক্তিৰ পিচত শীঘ্ৰেই আহি আছে হিমাংশু প্ৰসাদ দাসৰ নতুন ছবি

ABOUT THE AUTHOR

...view details