গুৱাহাটী,৬ ডিচেম্বৰ:অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশ লয় (Review meeting of Minister Pijush Hazarika) । বৈঠকত মন্ত্ৰীগৰাকীয়ে সামাজিক ন্যায় আৰু সবলীকৰণ আৰু অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়ৰ ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাৰ্ষিক বাজেটৰ বিভিন্ন আঁচনিসমূহৰ অগ্ৰগতিৰ বিষয়ে বুজ লয় ।
বৈঠকৰ আৰম্ভণিতে মন্ত্ৰী হাজৰিকাই সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়ৰ ২০২২-২৩ বিত্তীয় বৰ্ষৰ বিভিন্ন আঁচনিৰ বিষয়ে বিশদভাৱে বুজ লৈ সঞ্চালকালয়ৰ অধীনত দিব্যাংগ, জ্যেষ্ঠ নাগৰিক, মানসিক বাধাগ্ৰস্ত ব্যক্তি, ড্ৰাগচ আসক্ত আদি ব্যক্তিৰ বাবে থকা আঁচনি আৰু প্ৰকল্পসমূহৰ বৰ্তমানৰ স্থিতি আৰু কামৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰে । এই আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ তথা সময়ত সম্পূৰ্ণ কৰাৰ বাবে যাৱতীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে ।
আনহাতে চৰকাৰৰ অধীনত থকা দিব্যাংগসকলৰ বিদ্যালয়সমূহ সমানে যাতে উন্নত কৰিব পৰা যায় তাৰ ওপৰত চকু ৰাখিবলৈও তেওঁ সকলোকে নিৰ্দেশ দিয়ে । দিব্যাংগসকলৰ বিভিন্ন জলপানিসমূহ যাতে সময়মতে প্ৰদান কৰিব পৰা যায় সেয়া সুনিশ্চিত কৰিবলৈও তেওঁ বিভাগীয় নিৰ্দেশনা প্ৰদান কৰে । সামাজিক ন্যায় আৰু সবলীকৰণৰ অধীনত বহুতো বেচৰকাৰী সংস্থাই বিভিন্ন আঁচনিৰ অধীনত জনকল্যাণমূলক কামৰ বাবে আৰ্থিক সাহাৰ্য লাভ কৰি আহিছে (Social Justice and Empowerment department) ।
মন্ত্ৰী হাজৰিকাই বিভাগীয় সঞ্চালকক এনে বেচৰকাৰী সংস্থাবোৰৰ কামৰ ওপৰত নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে যাতে জনকল্যাণমূলক কামসমূহৰ সঠিক ৰূপায়ণ হয় । চলিত বিত্তীয় বৰ্ষৰ অন্তত ৮০ শতাংশ হ’লেও কাম যাতে সময়ত সম্পূৰ্ণ কৰিব পৰা যায় সেয়া সুনিশ্চিত কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে । ইয়াৰ পাছত মন্ত্ৰী হাজৰিকাই অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ কামসমূহৰ বিষয়ে বুজ লৈ বিভাগীয় বিষয়াক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে । বিশেষকৈ অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীয়ে পাব লগা জলপানি লাভৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহায় কৰিবলৈ বিভাগক তেওঁ নিৰ্দেশ দিয়ে ।