গুৱাহাটী, ২ আগষ্ট :জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই মঙলবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত অসম ৱাটাৰ চেণ্টাৰৰ পৰা জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ সৈতে এখন ভিডিঅ’ কনফাৰেন্সত অংশ লয় (Pijush Hazarika in Guwahati) । প্ৰথমতে মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়া আৰু অভিযন্তাৰ পৰা বৰ্তমানে ৰাজ্যখনৰ বান আৰু খহনীয়া পৰিস্থিতিত বুজ লয় ।
বিভাগীয় সকলো অভিযন্তাকে অনাগত এটা মাহ সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দি বিভাগীয় বৈঠক আৰু আন পৰ্যালোচনা বৈঠকসমূহক গুৰুত্ব সহকাৰে ল’বলৈ তেওঁ সকলোকে নিৰ্দেশ দিয়ে । ভিডিঅ’ কনফাৰেন্সত মন্ত্ৰীগৰাকীয়ে বিভাগৰ সংমণ্ডল আৰু উপমণ্ডলৰ সকলো বিষয়াকে তেওঁলোকৰ অঞ্চলত থকা মথাউৰিসমূহৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে ।
এই তালিকাক মথাউৰিসমূহৰ প্ৰথম নিৰ্মাণৰ সময়, পৰৱৰ্তী সময়ত কৰা মেৰামতি আৰু বৰ্তমানৰ স্থিতিৰ সকলো তথ্য সামৰি ডিজিটেলাইজড ৰূপত প্ৰকাশ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে । মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যখনৰ সকলো মথাউৰিৰ তথ্য এনেদৰে ডিজিটেলাইজড প্ৰক্ৰিয়াৰে সাজু কৰি ৰাখিলে ভৱিষ্যতে প্ৰাথমিকতা অনুসৰি মথাউৰিসমূহৰ কাম কৰিবলৈ সহজ হ’ব ।
এনে তথ্যসমৃদ্ধ তালিকা এখন প্ৰস্তুত হোৱাৰ পাছত আটাইতকৈ বেছি প্ৰয়োজনীয় হৈ থকা মথাউৰিসমূহ বাচনি কৰি কাম কৰিবলৈও সুবিধা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে । আনহাতে, নিৰ্দিষ্ট দূৰত্বৰ অন্তৰালত ৰে’ললাইনত কালভাৰ্ট থকাৰ দৰে মথাউৰিসমূহতো ৪ ৰ পৰা ৫ কিলোমিটাৰৰ দূৰত্বত মানুহৰ বসতি নথকা স্থানত শ্লুইছ গেটৰ ব্যৱস্থা কৰিলে মথাউৰিসমূহ সবলীকৰণ হ’ব পাৰে নেকি বুলিব এই বিষয়ত প্ৰয়োজনীয় গৱেষণা কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে আজি বিভাগীয় অভিযন্তাসকলক নিৰ্দেশ দিয়ে ।
লগতে পঢ়ক :Quartz mining in Karbi Anglong: কোৱাৰ্টজ খননত বৈধতা প্ৰদান চৰকাৰৰ
লগতে মন্ত্ৰী হাজৰিকাই অভিযন্তাসকলক কয় যে, অহা ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহত বিভাগৰ সকলো অভিযন্তাক লৈ দুদিনীয়াকৈ এখন কৰ্মশালা অনুষ্ঠিত কৰা হ’ব । য’ত বিভাগৰ সকলো অভিযন্তাই অসমত বানপানী নিয়ন্ত্ৰণ কৰাৰ বাবে তেওঁলোকৰ গৱেষণামূলক আৰু অভিজ্ঞতামূলক ধাৰণাসমূহ মুকলিকৈ আলোচনা কৰিব ।
আনহাতে, বিগত সময়ত অসমৰ যিকেইটা বান অধ্যুষিত অঞ্চলত বিভাগে কিছু নতুন ধৰণে কাম কৰি সফলতা লাভ কৰিছে ৷ সেই অঞ্চলকেইটাত কৰা কামৰ বিষয়েও সংশ্লিষ্ট অভিযন্তাসকলে সকলোৰে লগত আলোচনা কৰিব । ভিডিঅ’ কনফাৰেন্সতে মন্ত্ৰীগৰাকীয়ে বিগত বাৰিষাৰ সময়ত বিভাগৰ পৰা দিয়া পুঁজি আৰু বান প্ৰতিৰোধ সামগ্ৰীৰো খতিয়ান লয় ।