অসম

assam

Jal Jeevan Mission: গুৱাহাটীত কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীৰ পূৰ্বোত্তৰ ভিত্তিক পৰ্যালোচনা বৈঠক

By

Published : Jul 6, 2023, 9:54 PM IST

এক শত‍াংশ সংযোগেৰে আৰম্ভ কৰা অসমে এতিয়া জল জীৱন অভিযানৰ অধীনত ৫৪ শতাংশ অগ্ৰগতি লাভ কৰিছে । পূৰ্বে ৬২ শতাংশ নাগৰিকৰ সঠিক অনাময় ব্যৱস্থা নথকাৰ বিপৰীতে এতিয়া ভাৰতৰ ১০০ শতাংশ লোকে সুলভ শৌচাগাৰ লাভ কৰিছে । উত্তৰ-পূবৰ ৰাজ্যসমূহত ৰূপায়ণ কৰি থকা দুখন ধ্বজাবাহী আঁচনি জে জে এম আৰু এছ বি এম (জি)ৰ অগ্ৰগতি ক্ষীপ্ৰকৰণৰ অৰ্থে পূৰ্বোত্তৰ ভিত্তিক পৰ্যালোচনা বৈঠকত পৌৰোহিত্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

Jal Jeevan Mission
Jal Jeevan Mission

গুৱাহাটী,৬ জুলাই: উত্তৰ-পূবৰ ৰাজ্যসমূহে ‘জল জীৱন অভিযান’ৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে । ১ শতাংশ সংযোগেৰে আৰম্ভ কৰা অসমৰ দৰে এখন ৰাজ্যই এতিয়া জল জীৱন অভিযানৰ অধীনত ৫৪ শতাংশ অগ্ৰগতি লাভ কৰিছে । বৃহস্পতিবাৰে গুৱাহাটীত এখন সংবাদমেলত সম্বোধন কৰি এই কথা সদৰী কৰে কেন্দ্ৰীয় জল শক্তি দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে ।

উল্লেখ্য যে বৃহস্পতিবাৰে উত্তৰ-পূবৰ ৰাজ্যসমূহত ৰূপায়ণ কৰি থকা দুখন ধ্বজাবাহী আঁচনি জে জে এম আৰু এছ বি এম (জি)ৰ অগ্ৰগতি ক্ষীপ্ৰকৰণৰ অৰ্থে পূৰ্বোত্তৰ ভিত্তিক পৰ্যালোচনা বৈঠকত পৌৰোহিত্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । এই বৈঠকত ৰাজ্য কেইখনৰ বিভাগীয় মন্ত্ৰী আৰু আন উচ্চপদস্থ বিষয়াসকলে অংশ গ্ৰহণ কৰে ।

সংবাদ মাধ্যমক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে অসমত জল জীৱন অভিযান প্ৰকল্পৰ অগ্ৰগতি সম্পৰ্কে সময়ে-সময়ে বিশ্লেষণ কৰা অসমৰ মুখ্যমন্ত্ৰী আৰু ইয়াক আগুৱাই নিবলৈ ৰাজ্যিক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰচেষ্টাৰ শলাগ লয় । ২০২৪ত অসমে আকাংক্ষিত লক্ষ্যত উপনীত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

তেওঁ কয় যে অসমৰ বাহিৰে উত্তৰ-পূবৰ সকলো ৰাজ্যই ২০২৪ৰ ২৬ জানুৱাৰীত জল জীৱন অভিযানৰ ১০০ শতাংশ লক্ষ্যত উপনীত হ’ব । তেওঁ লগতে কয় যে ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত এটা সংকল্প গ্ৰহণ কৰিছিল । সেয়া আছিল আগন্তুক পাঁচ বছৰত ভাৰতক ‘মুকলিত মলত্যাগ মুক্ত’ বুলি ঘোষণা কৰা হ’ব । এই সংকল্প এতিয়া বাস্তৱায়িত হৈছে । ইয়াক এতিয়া সম্পূৰ্ণ অনাময়ৰ দিশত এটি পদক্ষেপ হিচাপে গণ্য কৰা হৈছে ।

এতিয়া গাঁওসমূহে গোটা আৱৰ্জনা ব্যৱস্থাপনা, জৈৱিক আৱৰ্জনা ব্যৱস্থাপনা, প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনাৰ লগতে গৰুৰ গোবৰ ব্যৱস্থাপনাৰ দৰে আৱৰ্জনা ব্যৱস্থাপনা স্থাপনৰ দিশত আগবাঢ়িছে । স্বচ্ছতাৰ অগ্ৰগতিৰ ফলশ্ৰুতিত গাঁৱৰ লোকসকলৰ জীৱনশৈলী নিশ্চিতভাৱে উন্নত হৈছে ।

তেওঁ কয় যে পূৰ্বে ৬২ শত‍াংশ নাগৰিকৰ সঠিক অনাময় ব্যৱস্থা নথকাৰ বিপৰীতে এতিয়া ভাৰতৰ ১০০ শত‍াংশ লোকৰ ঘৰতেই হওঁক বা সামূহিক শৌচাগাৰেই হওঁক, সুলভ শৌচাগাৰ লাভ কৰিছে । বিশুদ্ধ খোৱাপানী আৰু সুলভ পানীৰ ক্ষেত্ৰতো ভাৰতে ৬৪ শতাংশ অগ্ৰগতি লাভ কৰিছে বুলি তেওঁ অৱগত কৰে ।

আনহাতে বৈঠকত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আদৰণি ভাষণ প্ৰদান কৰে । বৈঠকত খোৱাপানী আৰু অনাময় বিভাগৰ সচিব বিনি মহাজনে মিছনৰ আভাস দাঙি ধৰে আৰু ভিন্ন ৰাজ্যত কাম-কাজৰ ৰূপায়ণৰ স্থিতি সম্পৰ্কে অৱগত কৰে । তেওঁ সকলো নিবিদা প্ৰদান, ৰূপায়ণৰ মানদণ্ড, বিত্তীয় অগ্ৰগতি, পৰিচালনা আৰু ৰক্ষণাবেক্ষণ নীতি, গাঁও সমাজক সম্পত্তি চমজাই দিয়া, দক্ষতা বিকাশ, উৎসৰ বহনক্ষমতা আৰু এই মিছনৰ আন-আন গুৰুত্বপূৰ্ণ দিশসমূহত গুৰুত্ব আৰোপ কৰে ।

পৰ্যালোচনা বৈঠকত সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰা সকলো ৰাজ্যৰ মন্ত্ৰী আৰু বিষয়াসকলক ধন্যবাদ জনাই কেন্দ্ৰীয় জল শক্তি দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ উদ্বেগসমূহৰ লগতে কামৰ মান নিশ্চিতকৰণৰ সমান্তৰালকৈ মিছনসমূহ ৰূপায়ণৰ গতি বৃদ্ধিৰ বাবে আগবঢ়োৱা বহুমূলীয়া পৰামৰ্শৰ শলাগ লয় । তেওঁ জল জীৱন অভিযান আৰু স্বচ্ছ ভাৰত অভিযানৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰে ।

তেওঁ উল্লেখ কৰে যে সমাজৰ অংশ গ্ৰহণ আৰু সৱলীকৰণেই হৈছে অভিযানটোৰ মূল কথা, যিয়ে ইয়াক সফলতাৰ দিশত আগুৱাই নিব । গতিকে ৰাজ্যসমূহে স্থানীয় গাঁওবাসীক এই অভিযানৰ কাম-কাজত জড়িত কৰিবলৈ সকলো প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব বুলি তেওঁ কয় । তেওঁ সকলো জ্যেষ্ঠ বিষয়াক নিয়মীয়া পৰিদৰ্শন নিশ্চিতকৰণ আৰু সংশোধনী ব্যৱস্থা গ্ৰহণেৰে কামৰ মানদণ্ডক প্ৰাধান্য দিবলৈ আহ্বান জনায় ।

এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ পৰা পুঁজিৰ অভাৱ নহ’ব বুলি তেওঁ আশ্বাস প্ৰদানেৰে ৰাজ্যসমূহে সময়সীমা অনুসৰি আৰু ক্ষীপ্ৰতাৰে ‘হৰ ঘৰ জল’ৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সকলো সহায় আগবঢ়াই আহিছে বুলি কয় । তেওঁ ১৫ সংখ্যক বিত্ত আয়োগৰ অধীনত ৰাজ্যসমূহে লাভ কৰা টাইড অনুদান আৰু পানী তথা অনাময় সম্পৰ্কীয় কাম-কাজৰ ক্ষেত্ৰত পুঁজিৰ যথোপযুক্ত ব্যৱহাৰতো গুৰুত্ব আৰোপ কৰে ।

তেওঁ ছিকিমে অ’ ডি এফ প্লাছ ৰাজ্য হিচাপে লাভ কৰা কৃতিত্বৰ বাবে ৰাজ্যখনক সম্বৰ্ধনা জনায় আৰু পূৰ্বোত্তৰৰ আন সকলো ৰাজ্যকে অনাময়ৰ ক্ষেত্ৰত ছিকিমৰ আৰ্হি অনুসৰণ কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:Lok Sabha election 2024: গুৱাহাটীত দেশৰ 12 খন ৰাজ্যৰ বিজেপি নেতৃত্বৰ বৈঠক

ABOUT THE AUTHOR

...view details