গুৱাহাটী, ২৫ এপ্ৰিল:বাৰিষা বানপানীৰে মোকাবিলা কৰিবলৈ চলোৱা প্ৰস্তুতি সন্দৰ্ভত মঙলবাৰে এখন ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা সভা অনুষ্ঠিত হয় (Review meeting on flood management)। ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে তেওঁৰ কাৰ্যালয় সভাকক্ষত আয়োজিত সভাত সভাপতিত্ব কৰে । সভাত মুখ্য সচিবগৰাকীয়ে বানপানী প্রশমন ব্যৱস্থা সন্দৰ্ভত সংশ্লিষ্ট প্ৰতিটো বিভাগ, কেন্দ্রীয় এজেন্সী তথা অন্যান্য সংস্থাসমূহে গ্ৰহণ কৰা ব্যৱস্থাৰ লগতে আগন্তুক দিনত জিলা প্ৰশাসনৰ পৰা বিচৰা সুবিধা সম্পর্কতো বুজ লয় (Flood free Guwahati) ৷
সভাৰ আৰম্ভণিতে ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব তথা অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীয়ে বিভিন্ন বিভাগ, কেন্দ্রীয় সংস্থা, জিলা প্রশাসনে আগবঢ়োৱা তথ্যৰ আধাৰত পাৱাৰ পইণ্ট প্রেজেণ্টেচনৰ মাধ্যমত বানপানীৰ মুখামুখি হ’বৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কত মুখ্য সচিবক অৱগত কৰে (Mission Flood free Guwahati) ।
মুখ্য সচিবে সভাত উপস্থিত থকা প্ৰতিটো বিভাগ, সংস্থাৰ প্ৰতিনিধিসকলৰ লগত তেওঁলোকে বানপানীৰ মুখামুখি হ’বলৈ লোৱা ব্যৱস্থা সম্পর্কে বিস্তৃতভাৱে আলোচনা কৰি বিভিন্ন সময় নিৰ্দ্ধাৰিত নির্দেশনা দিয়ে । বানাক্ৰান্ত লোকসকলৰ বিশেষকৈ নৱজাতক, শিশু, গৰ্ভৱতী মহিলাৰ খাদ্যৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ নির্দেশ দিয়ে । তদুপৰি বি এছ এন এল, সেনা বাহিনী, নীপকো, ভাৰতীয় খাদ্য নিগম, ইউনিচেফ, স্বাস্থ্য বিভাগক বিভিন্ন নির্দেশনা দিয়াৰ লগতে কামৰূপ মহানগৰ জিলাৰ ৱেলিং পাম্পসমূহ সম্পর্কত তৎকালীনভাৱে প্রতিবেদন প্রস্তুত কৰিবলৈও নিদের্শনা দিয়ে (Review meeting on Guwahati city flood)।