গুৱাহাটী, ২ আগষ্ট: গুৱাহাটীত কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়া তথা ৰাজ্যৰ জিলাসমূহৰ কৃষি বিষয়া আৰু মহকুমা কৃষি বিষয়াসকলৰ উপস্থিতিত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা সভা সম্বোধন কৰে কৃষি মন্ত্ৰী অতুল বৰাই(Agriculture Minister Atul Bora) । সভাৰ আৰম্ভণিতে মন্ত্ৰী বৰাই "আজাদী কা অমৃত মহোৎসৱ" উদযাপনৰ অংশবিশেষ "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচীক সম্পূৰ্ণৰূপে সফল কৰি তুলিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে বিষয়াসকলক আহ্বান জনায় (Har Ghar Tiranga in Assam)।
উল্লেখ্য যে কৃষক ৰাইজৰ কল্যাণৰ বাবে লোৱা আঁচনিসমূহৰ সফল ৰূপায়ণত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিশেষ গুৰুত্ব আৰোপ কৰিছে । যাৰ পৰিপ্ৰেক্ষিতত সঘনাই পৰ্যালোচনা বৈঠকত মিলিত হৈছে মন্ত্ৰী অতুল বৰা । আজিৰ বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে আঁচনিসমূহৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত জিলা পৰ্যায়ৰ বিষয়াসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । বৈঠকত মন্ত্ৰীগৰাকীয়ে জিলাসমূহৰ কৃষি বিষয়াসকলৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ অন্যতম ধ্বজাবাহী আঁচনি পিএম-কিষাণ, PMFBY, NFSM, PMKSY, RKVY, RIDF, SMAM, নতুনকৈ আৰম্ভ কৰা National Mission on Edible Oil ইত্যাদি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনিসমূহৰ ৰূপায়ণ স্থিতি তথা বিভাগীয় কাম-কাজসমূহ বিস্তৃতভাৱে পৰ্যালোচনা কৰাৰ লগতে যাৱতীয় নিৰ্দেশনা দিয়ে ।
শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱা কৃষকৰ ক্ষতিপূৰণ প্ৰদান তথা এইবাৰ ৰবিশস্যৰ বতৰত বিভাগে কৃষকসকলক আগবঢ়াবলগীয়া বিশেষ সহযোগিতাৰ বিষয়কে ধৰি বিভাগীয় আন বিষয়সমূহ বৈঠকত বিশদভাৱে আলোচনা কৰা হয় । কৃষকসকলৰ দ্বাৰা উৎপাদিত কৃষি সামগ্ৰীয়ে শেহতীয়াকৈ দেশ-বিদেশৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এয়া কৃষি ক্ষেত্ৰখনলৈ অহা যোগাত্মক পৰিৱৰ্তনৰ এক অনন্য প্ৰতিচ্ছবি । সেয়েহে যুৱপ্ৰজন্মক কৃষিখণ্ডৰ প্ৰতি অধিক আকৰ্ষিত কৰিবলৈ বিভাগীয় আঁচনিসমূহৰ সুবিধাৰ বিষয়ে যুৱপ্ৰজন্ম তথা ৰাইজৰ মাজলৈ লৈ যাবলৈ বিষয়াসকলক তেওঁ নিৰ্দেশ দিয়ে ।