অসম

assam

ETV Bharat / state

মৎস্য উৎপাদনৰ ক্ষেত্ৰত অসমক স্বাৱলম্বী কৰাৰ লক্ষ্য মীন মন্ত্ৰীৰ - প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা

বৃহস্পতিবাৰে মীন বিভাগৰ(Fishery Department) শীৰ্ষ বিষয়াসকলৰ সৈতে আঁ‌চনিসমূহৰ স্থিতি সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্য(Parimal Suklabaidya) । প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা(PM Matsya Sampada Yojana) আঁচনিৰ অধীনত 2000 টা পুখুৰীৰে অসমক মৎস্য উৎপাদনত আত্মনিৰ্ভৰ কৰাৰ লক্ষ্য মন্ত্ৰী শুক্লবৈদ্যৰ ।

Fisheries department review meeting
পৰিমল শুক্লবৈদ্যৰ বৈঠক

By

Published : Aug 27, 2021, 4:44 PM IST

গুৱাহাটী, 27 আগষ্ট : মৎস্য উৎপাদনৰ ক্ষেত্ৰত অসমক সম্পূৰ্ণৰূপে এখন আত্মনিৰ্ভৰ ৰাজ্যত ৰূপান্তৰিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা(PM Matsya Sampada Yojana) আঁচনিৰ অধীনত 2000 টা পুখুৰী নিৰ্মাণ কৰিবলৈ বিভাগক নিৰ্দেশ দিছে মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই(Parimal Suklabaidya) ।

বৃহস্পতিবাৰে বিভাগীয় কক্ষত মীন বিভাগৰ(Fishery Department Department) শীৰ্ষ বিষয়াসকলৰ সৈতে আঁ‌চনিসমূহৰ স্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে বিভাগীয় মন্ত্ৰীগৰাকীয়ে ৷ পৰ্যালোচলা সভাত মন্ত্ৰী শুক্লবৈদ্যই কয় যে, ৰাজ্যখনক মীন উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰিবলৈ প্ৰধানমন্ত্ৰী মৎস্য সম্পদ আঁ‌চনিৰ দ্বাৰা এক হেক্টৰ মাপৰ 2000 টা পুখুৰী খননৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’ব লাগিব ।

লগতে পঢ়ক:আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ বাবে 400 টা গাহৰি নিধন

মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্ত আৰু জিলা মীন উন্নয়ন বিষয়াসকলৰ সৈতে আলোচনা কৰি 2000 হেক্টৰ ভূমি চিনাক্ত কৰি দুমাহৰ ভিতৰত এই সম্পৰ্কীয় বিস্তৃত প্ৰতিবেদন দাখিল কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে । এই সন্দৰ্ভত যুটীয়া সচিবে মন্ত্ৰীগৰাকীক অৱগত কৰে যে, পুখুৰী নিৰ্মাণৰ বাবে উপলব্ধ ভূমি চিনাক্ত কৰিবলৈ ইতিমধ্যে বিভিন্ন জিলাত প্ৰাথমিক জৰীপ সম্পন্ন কৰা হৈছে ।

লগতে অনুমোদিত পদসমূহ পূৰণ আৰু চতুৰ্থ বৰ্গৰ পদসমূহ অতি সোনকালে নিয়মীয়া কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰী শুক্লবৈদ্যই যাৱতীয় অনুমোদনৰ বাবে বিত্ত মন্ত্ৰীক তালিকাখন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । ইয়াৰ উপৰিও মন্ত্ৰীগৰাকীয়ে অসম মীন পালন নিয়ম সংশোধন কৰিবৰ বাবে বিষয়াসকলক তৎকালীন পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে ।

উক্ত সভাত বিভাগীয় ভালেসংখ্যক শীৰ্ষ বিষয়া উপস্থিত থকা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:তিনিচুকীয়াৰ হাপজান আঞ্চলিক পঞ্চায়তৰ সভাপতি পদৰ পুনৰ নিৰ্বাচন

ABOUT THE AUTHOR

...view details