অসম

assam

ETV Bharat / state

Review meeting by Minister Keshab Mahanta: স্বাস্থ্য,তথ্য-প্ৰযুক্তি বিভাগৰ পুঁজি ব্যৱহাৰৰ পৰ্যালোচনা মন্ত্ৰী কেশৱ মহন্তৰ - মন্ত্ৰী কেশৱ মহন্ত

২০২২-২৩ বিত্তীয় বৰ্ষৰ ৰাজ্যিক বাজেটত আৱণ্টিত পুঁজি ব্যৱহাৰৰ অগ্ৰগতি সন্দৰ্ভত দিছপুৰত পৰ্যালোচনা বিভাগীয় মন্ত্ৰী কেশৱ মহন্তৰ । বিভাগৰ সৈতে জড়িত প্ৰতিটো বাজেট ঘোষণাই সময় নিৰ্দিষ্ট কাৰ্যৰূপায়ণ সুনিশ্চিত কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ(Review meeting by minister Keshab Mahanta ) ।

Review meeting by minister Keshab Mahanta
স্বাস্থ্য আৰু তথ্য-প্ৰযুক্তি বিভাগৰ বাজেট আৱণ্টিত পুঁজি ব্যৱহাৰৰ পৰ্যালোচনা মন্ত্ৰী কেশৱ মহন্তৰ

By

Published : Nov 30, 2022, 10:32 PM IST

গুৱাহাটী,৩০ নৱেম্বৰ: স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা তথা গৱেষণা আৰু তথ্য প্ৰযুক্তি বিভাগলৈ ২০২২-২৩ বিত্তীয় বৰ্ষৰ ৰাজ্যিক বাজেটত আৱণ্টিত পুঁজি ব্যৱহাৰৰ অগ্ৰগতি সন্দৰ্ভত বুধবাৰে পৰ্যালোচনা কৰে বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই(Health and Family Welfare Department Assam) । দিছপুৰত বুধবাৰে নিশা তিনিওটা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে প্ৰায় আঢ়ৈ ঘণ্টা ধৰি বৈঠকত মিলিত হৈ মন্ত্ৰীগৰাকীয়ে চলিত বিত্তীয় বৰ্ষৰ ৰাজ্যিক বাজেটত সন্নিৱিষ্ট বিভাগ সম্পৰ্কীয় ঘোষণাসমূহৰ কাৰ্যৰূপায়ন সন্দৰ্ভত পুংখানুপুংখ খতিয়ান লয় ।

চলিত বৰ্ষৰ ৰাজ্যিক বাজেটত স্বাস্থ্য তথা চিকিৎসা শিক্ষা বিভাগৰ অধীনত আৱণ্টিত পুঁজি ব্যৱহাৰৰ পৰ্যালোচনাকালত মন্ত্ৰী মহন্তই বুনিয়াদী স্বাস্থ্য কেন্দ্ৰ, চৰকাৰী কৰ্মচাৰী-অৱসৰপ্ৰাপ্ত কৰ্মচাৰীলৈ চিকিৎসা সেৱাৰ সুষম ব্যৱস্থা, দুধনৈ আয়ুৰ্বেদিক মহাবিদ্যালয়, লক্ষীমপুৰ-যোৰহাট আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত নাৰ্ছিং মহাবিদ্যালয় স্থাপন আদিৰ বুজ লয় ৷

মন্ত্ৰীগৰাকীয়ে(Health and family welfare minister Keshab Mahanta) অসম চাহ নিগমৰ বাগিচাত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ, স্নেহস্পৰ্শ, প্ৰধানমন্ত্ৰী স্বাস্থ্য আন্তঃগাঠনি মিছন, পঞ্চদশ বিত্তীয় আয়োগ পুঁজি আদি শিতানৰ বাজেট ঘোষণা কাৰ্যকৰী কৰিবলৈ বিভাগৰ ফালৰ পৰা লোৱা ব্যৱস্থাৱলীৰ সবিশেষ খতিয়ান লয় ।

এই শিতানসমূহত বাজেটত ধাৰ্য কৰা পুঁজি ব্যৱহাৰৰ ক্ষেত্ৰত অগ্ৰগতি পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে বিভাগৰ সৈতে জড়িত প্ৰতিটো বাজেট ঘোষণাই সময় নিৰ্দিষ্ট কাৰ্যৰূপায়ণ সুনিশ্চিত কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে । একেদৰে তথ্য প্ৰযুক্তি বিভাগ সম্পৰ্কীয় বাজেট ঘোষণাসমূহৰ ভিতৰত ৰাজ্যিক জ্ঞান কেন্দ্ৰ (ষ্টেট ন'লেজ চেণ্টাৰ) স্থাপন আদিৰ অগ্ৰগতিৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে বিভাগীয় প্ৰধান সচিবৰ পৰা বুজ লয় ।

স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, তথ্য প্ৰযুক্তি বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব তথা অটল অমৃত অভিযানৰ মুখ্য কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ সিং, এমট্ৰনৰ সঞ্চালক এছ সুন্দৰ, চিকিৎসা শিক্ষা-গৱেষণা বিভাগৰ অতিৰিক্ত সচিব মানস নাথ, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মণ, স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নীলমাধৱ দাসে এই বৈঠকত উপস্থিত থাকে ৷

ইয়াৰ উপৰি স্বাস্থ্য সেৱা সঞ্চালক (পৰিয়াল কল্যাণ) তথা অটল অমৃত অভিযানৰ উপ মুখ্য কাৰ্যবাহী বিষয়া কমলজিৎ তালুকদাৰ, চিকিৎসা শিক্ষা-গৱেষণা বিভাগৰ যুটীয়া সচিব প্ৰণতি মজুমদাৰ, স্বাস্থ্য বিভাগৰ যুটীয়া সচিব ইন্দ্ৰাণী লস্কৰ, এন এইচ এমৰ ৰাজ্যিক কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীৰ লগতে স্বাস্থ্য বিভাগৰ উপসচিব, আয়ুষ মিছনৰ ৰাজ্যিক উপ সঞ্চালক, এন এইচ এমৰ অ' এছ ডি আদিয়ে এই বৈঠকত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:DU ragging case: কোনো শিক্ষানুষ্ঠানতে তিনি বছৰলৈকে অধ্যয়ন কৰিব নোৱাৰিব বহিষ্কৃত ৪ ছাত্ৰই

ABOUT THE AUTHOR

...view details