গুৱাহাটী,৮ জুলাই :বিভিন্ন দল-সংগঠনে বিৰোধিতা কৰি অহাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে অসমত পাম তেলৰ খেতি কৰাৰ বাবে উঠিপৰি লাগিছে । জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি স্বৰূপ পাম খেতি কৰাৰ বাবে অসম চৰকাৰেও কোনো ধৰণৰ হকা-বধা কৰা নাই । বৰং এইক্ষেত্রত বিশেষভাৱে উদ্যোগহে গ্ৰহণ কৰিছে ।
শুকুৰবাৰে জনতা ভৱনত এই সন্দৰ্ভত এক আলোচনাত মিলিত হয় কৃষিমন্ত্রী অতুল বৰা (Review meeting of Assam agriculture minister)। মন্ত্রীগৰাকীয়ে জনতা ভৱনত ৰাজ্যৰ পৰিষদসমূহৰ প্ৰধান সচিব, জিলাসমূহৰ উপায়ুক্ত আৰু জিলা কৃষি বিষয়াসকলৰ সৈতে ভিডিঅ' কনফাৰেঞ্চযোগে বৈঠকত মিলিত হয় । বৈঠকত মূলতঃ কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি 'প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি' আৰু 'ৰাষ্ট্ৰীয় ভোজ্য তেল মিছন-তৈল খেজুৰ' আঁচনিখনৰ সন্দৰ্ভত বিস্তৃত পৰ্যালোচনা কৰা হয় ।
উল্লেখ্য যে ভাৰতে বিশ্বৰ বিভিন্ন দেশৰ পৰা বৃহৎ পৰিমাণৰ ভোজ্য তেল আমদানি কৰে । এই আমদানিৰ পৰিমাণ হ্ৰাস কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে 'ৰাষ্ট্ৰীয় ভোজ্য তেল মিছন- তৈল খেজুৰ' (NMEO-OP) আঁচনিখনৰ জৰিয়তে উৎপাদন এলেকা সম্প্ৰসাৰণ, তেলৰ উৎপাদন বৃদ্ধি কৰি দেশত ভোজ্য তেলৰ উপলব্ধতা বৃদ্ধিৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে । এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে অসমতো চলিত বৰ্ষত ২ লাখ হেক্টৰ ভূমিত ইয়াৰ উৎপাদন বৃদ্ধিৰ বাবে গুৰুত্ব প্ৰদান কৰিছে । বৈঠকত এই আঁচনিৰ অধীনত ৰাজ্যৰ নিৰ্বাচিত জিলাক সামৰি গঠিত মণ্ডলসমূহত নাৰ্ছাৰী, বাগিচা আৰু তেল সংসাধন মিল স্থাপনৰ বাবে প্ৰয়োজনীয় ভূমি নিৰ্বাচন কৰিবলৈ সংশ্লিষ্ট জিলাৰ উপায়ুক্ত আৰু বিষয়াসকলক মন্ত্রী বৰাই নিৰ্দেশ দিয়ে ।
অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ পাম তেলৰ খেতিক লৈ অসম চৰকাৰ বিশেষভাৱে তৎপৰ হৈ পৰিছে (Assam government particularly prompts palm oil cultivation)। ইফালে বৈঠকত মন্ত্রীগৰাকীয়ে বিষয়াসকলৰ পৰা 'প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি' আঁচনিখনৰ অধীনত হিতাধিকাৰীসকলে লাভ কৰা পুঁজি আৰু সংশ্লিষ্ট প'ৰ্টেলত বৰ্তমানলৈকে আধাৰ ডাটা অন্তৰ্ভুক্তিৰ অগ্ৰগতিৰ স্থিতিৰ বুজ লয় । লগতে আঁচনিৰ হিতাধিকাৰীসকলৰ আধাৰ শুদ্ধতা আৰু ই-কে ৱাই চি সম্বন্ধীয় কামৰ অগ্ৰগতিৰ সন্দৰ্ভতো বুজ লয় ।