গুৱাহাটী, ১৩ জুলাই: ৰাজ্যৰ কেইবাখনো জিলাত শেহতীয়াকৈ জাপানীজ এনকেফেলাইটিজ'(Japanese encephalitis in Assam) তথা উৎকট জ্বৰৰ লক্ষণযুক্ত ৰোগ আৰু মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই(Health minister of Assam) আজি বিভাগীয় শীৰ্ষ বিষয়াসকলৰ সৈতে এখন জৰুৰী বৈঠকত মিলিত হয় ।
গুৱাহাটীস্থিত এন এইচ এমৰ ৰাজ্যিক কাৰ্যালয়ত মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, এন এইচ এমৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন, স্বাস্থ্যসেৱা সঞ্চালক (পৰিয়াল কল্যাণ) কমলজিৎ তালুকদাৰ, এন এইচ এমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰীকে ধৰি বিভাগীয় বিষয়াসকল উপস্থিত থাকে ।
জাপানীজ এনকেফেলাইটিজ আৰু উৎকট জ্বৰৰ লক্ষণযুক্ত ৰোগ (জেই-এইএছ)ৰ লগতে মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱৰ বিষয়ে বৈঠকত বিস্তাৰিতভাৱে আলোচনা কৰি ইয়াৰ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগৰ ফালৰ পৰা প্ৰট'কল অনুসৰি সকলো কাৰ্যব্যৱস্থা গ্ৰহণ কৰাটো সুনিশ্চিত কৰিবলৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে(Minister Keshab Mahanta) নিৰ্দেশ দিয়ে । জাপানীজ এনকেফেলাইটিজ আৰু উৎকট জ্বৰৰ লক্ষণযুক্ত ৰোগত আক্ৰান্তৰ জৰুৰী চিকিৎসাৰ বাবে বৰ্তমান প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়তে বিশেষ ব্যৱস্থা আছে যদিও জিলা চিকিৎসালয়সমূহতো এনে সন্দেহজনক জেই-এইই আৰু মেলেৰিয়াত আক্ৰান্তসকলৰ বাবে জৰুৰী চিকিৎসাসেৱা উপলব্ধ কৰোৱাৰ বাবে তাৎক্ষণিকভাৱে প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক দিহা দিয়ে ।