অসম

assam

ETV Bharat / state

বালি মাফিয়াৰ সৈতে ৰাজহ চক্ৰ বিষয়াৰ সম্পৰ্কৰ অভিযোগ চন্দ্ৰপুৰৰ ৰাইজৰ - revenue circle officers

চন্দ্ৰপুৰত ভূমি খননক কেন্দ্ৰ কৰি সৃষ্টি হল উত্তপ্ত পৰিস্থিতি(Tension over mining in Chandrapur) । ঐতিহাসিক হাতিশীলা গণেশ মন্দিৰৰ সমীপতে হোৱা ভূমি খননক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে স্থানীয় ৰাইজে । চন্দ্ৰপুৰ ৰাজহ চক্ৰ বিষয়াৰ ভূমিকাক লৈয়ো ক্ষোভ প্ৰকাশ কৰা ৰাইজৰ ৷ সবিশেষ জানো আহক ৷

revenue-circle-officers-alleged-relationship-with-sand-mafia-creates-tension-in-chandrapur
বালি মাফিয়াৰ সৈতে ৰাজহ চক্ৰ বিষয়াৰ সম্পৰ্কৰ অভিযোগ চন্দ্ৰপুৰৰ ৰাইজৰ

By

Published : Dec 30, 2021, 7:59 PM IST

গুৱাহাটী, ৩০ ডিচেম্বৰ :গুৱাহাটীৰ সমীপৱতী পানীখীইতি হাতিশীলা গণেশ মন্দিৰৰ সমীপতে এটা দুষ্ট চক্ৰই নিশাৰ ভাগত জেচিবিৰ সহায়ত খনন চলাই ডাম্পৰৰে মাটি সৰবৰাহ কৰি থকাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে এক উত্তপ্ত পৰিস্থিতিতিৰ সৃষ্টি হয় (Tension over sand mining in Chandrapur) । চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ(Chandrapur revenue circle) অনুমতি সাপেক্ষে এটা দুষ্ট চক্ৰই মন্দিৰৰ সমীপতে খনন চলাই থকা খবৰ পাই বৃহস্পতিবাৰে পুৱাৰ ভাগত স্থানীয় ৰাইজ ঘটনা স্থলীত উপস্থিত হৈ ভূমি খনন কাৰ্যত বাধা প্ৰদান কৰে ।

কিন্তু ব্যৱসায়ী সকলে চন্দ্ৰপুৰ ৰাজহ চক্ৰ অনুমতি লৈ এই খনন কাৰ্য চলোৱা বুলি অৱগত কৰাত পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰে । পিছত স্থানীয় উত্তেজিত ৰাইজে খনন কাৰ্য বন্ধ কৰি গাড়ী সমুহ উভতাই পঠায় । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, যি স্থানত খনন কাৰ্য চলাই থকা হৈছে তাৰ গাতে লাগি আছে ঐতিহাসিক হাতিশীলা গণেশ মন্দিৰ । তদুপৰি, ব্ৰহ্মপুত্ৰ নৈত চলি আছে অবাধ গতিত গৰাখনীয়া ।

বালি মাফিয়াৰ সৈতে ৰাজহ চক্ৰ বিষয়াৰ সম্পৰ্কৰ অভিযোগ চন্দ্ৰপুৰৰ ৰাইজৰ

স্থানীয় ৰাইজৰ অভিযোগ চন্দ্ৰপুৰ ৰাজহ চক্ৰ বিষয়াই দুষ্ট চক্ৰটোৰ পৰা মোটা অংকৰ ধন লৈ এনেদৰে গৰাখনীয়া প্ৰবল অঞ্চল এটাত মাটি কাটিবলৈ দি ঐতিহাসিক হাতিশীলা গণেশ মন্দিৰ(Historical Hatishila Ganesh mandir)টো ধ্বংসৰ পিনে থেলি দিছে ।

সেয়ে বিষয়াগৰাকীক দুৰ্নীতিগ্ৰস্ত আখ্যা দি চক্ৰ বিষয়া বিৰূদ্ধে চৰকাৰে অনতিপলমে ব্যবস্থা গ্ৰহণৰ দাবী তোলে ৰাইজে । মন কৰিবলগীয়া যে, ব্ৰহ্মপুত্ৰ ৰ গৰাখনীয়া ৰোধ কৰাৰ বাবে চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থা(Chandrapur regional AASU)ই ধাৰাবাহিক ভাবে আন্দোলন চলাই আহিছে । তদুপৰি ৰাইজেও বিষয়টো কামৰূপ মহানগৰ জিলা উপায়ুক্তক অৱগত কৰিছে । ইয়াৰ পিছতো চক্ৰ বিষয়া জনে চন্দ্ৰপুৰ বাসীৰ দীৰ্ঘদিনীয়া দাবীক আওকাণ কৰি একমাত্ৰ ধনৰ লোভত বলপূৰ্বক মাটি কটাৰ অনুমতি দিছে বুলিও অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক :লাহৰিজানত ২১৫ বটল কফ চিৰাপসহ সৰবৰাহকাৰী আটক

ABOUT THE AUTHOR

...view details