অসম

assam

ETV Bharat / state

Pilgrims return from Mecca: মহিলাসহ উত্তৰ-পূৱৰ ছগৰাকী হজযাত্ৰীৰ মৃত্যু - 300 pilgrims arrived Borjhar

মক্কাৰ পৰা হজযাত্ৰীৰ ওভতনি যাত্ৰা আৰম্ভ (Return journey of pilgrims from Mecca has started) ৷ হজযাত্ৰা 5 জুনৰ পৰা 17 জুনলৈ চলিছিল ৷ যাত্ৰা আৰম্ভ কৰাৰ দৰে হজযাত্ৰী সকলৰ ওভতনি যাত্ৰা 16 জুলাইৰ পৰা আৰম্ভ হৈছে ৷ এই যাত্ৰাত মহিলাসহ উত্তৰ-পূৱৰ ছগৰাকী হজযাত্ৰীৰ মৃত্যু হৈছে (Six North Eastern pilgrims died in Mecca)৷

return-journey-of-pilgrims-from-mecca-has-started
Pilgrims return journey starts from Mecca: মহিলাসহ উত্তৰ পূৱৰ ছয় হজযাত্ৰীৰ মৃত্যু

By

Published : Jul 18, 2022, 9:27 AM IST

গুৱাহাটী, 18 জুলাই: চৌদি আৰৱৰ চৰকাৰে দুবছৰৰ অন্তত এইবেলি কেতবোৰ বিশেষ নীতি-নিয়মৰ মাজেৰে বিশ্বৰ ইছলাম ধৰ্মী লোকসকলৰ পৱিত্ৰ হজ সমাপন কৰাৰ বাবে অনুমতি প্ৰদান কৰিছল ৷ উত্তৰ-পূৱৰ ৰাজ্য কেইখনৰ পৰা এইবাৰ 3,454 জনে হজ সমাপনৰ বাবে মদিনা হৈ মক্কালৈ যাত্ৰা কৰে । ভাৰতৰ আন আন ৰাজ্যৰ লগতে অসমসহ উত্তৰ-পূৱৰ ৰাজ্যকেইখনৰ হজযাত্ৰা 5 জুনৰ পৰা 17 জুনলৈ চলিছিল ৷ যাত্ৰা আৰম্ভ কৰাৰ দৰে হজযাত্ৰী সকলৰ ওভতনি যাত্ৰা 16 জুলাইৰ পৰা আৰম্ভ হৈছে (Return journey of pilgrims started on 16 July)।

উল্লেখযোগ্য যে, এইবাৰ পৱিত্ৰ হজ সমাপনৰ বাবে মক্কালৈ যোৱা হজযাত্ৰীৰ ভিতৰত এগৰাকী মহিলাকে ধৰি উত্তৰ পূৱৰ মুঠ ছজন হজযাত্ৰীৰ বিভিন্ন ৰোগত আক্ৰান্ত হৈ মক্কা আৰু মদিনাত মৃত্যু হৈছে । মৃত্যু হোৱা হজযাত্ৰী সকলৰ ভিতৰত এজন অসমৰো আছে । অসম চৰকাৰৰ যুটীয়া ৰাজ্যিক হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানে জানিবলৈ দিয়া মতে মৃত্যু হোৱা হজযাত্ৰীজনৰ হজযাত্ৰা আৰম্ভ হোৱাৰ প্ৰাকক্ষণত মদিনাত ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে । তেওঁক কৰিমগঞ্জৰ আজিৰুদ্দিন (60) বুলি চিনাক্ত কৰা হৈছে ।

Pilgrims return journey starts from Mecca: মহিলাসহ উত্তৰ পূৱৰ ছয় হজযাত্ৰীৰ মৃত্যু

আনহাতে, 16 জুলাইত নিশাৰ ভাগত চৌদি আৰৱৰ বিমান সংস্থা ফ্লাইনাচ এয়াৰৰ দুখন বিশেষ বিমানৰে উত্তৰ-পূৱৰ মুঠ 300 জন হজযাত্ৰী বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হয় (300 pilgrims arrived Borjhar)। আনহাতে, দেওবাৰে বিয়লি 3 বজাত তৃতীয়টো হজযাত্ৰীৰ দল বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত হজযাত্ৰী সকলক আনুষ্ঠানিকভাৱে আদৰণি জনায় যুটীয়া ৰাজ্যিক হজ কমিটিৰ সদস্য তথা প্ৰদেশ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক শ্বহীদুল ইছলামে ।

এই সন্দৰ্ভত বিমানবন্দৰত উপস্থিত সাংবাদিকক শ্বহীদুল ইছলামে সদৰি কৰা অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ পৰা মক্কালৈ হজ সমাপনৰ বাবে যোৱা হজযাত্ৰী সকল যাতে তাত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল । আনকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো অসমৰ পৰা হজলৈ যোৱা হজযাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল । হজযাত্ৰী সকলৰ সুবিধাৰ বাবে অসম চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মৰত 22 জনকৈ বিষয়াক খাদিমূল হিচাপে হজযাত্ৰী সকলৰ সৈতে সম্পূৰ্ণ চৰকাৰী খৰচত মক্কালৈ প্ৰেৰণ কৰা হৈছিল ।

ইফালে যুটীয়া ৰাজ্যিক হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানে জানিবলৈ দিয়া মতে, হজযাত্ৰা আৰম্ভ হোৱাৰ সময়ৰ দৰে 42 দিন পাছত আৰম্ভ হোৱা ওভতনি যাত্ৰাত বিমানবন্দৰত বিশেষ আনুষ্ঠানিকতা নাথাকিলেও বিমানবন্দৰ হজ অভ্যথৰ্না কমিটিৰ সভাপতি আলতাফ হুছেইন, কাৰ্যকৰী সভাপতি কাচেম আলীকে ধৰি কমিটিৰ আন আন কৰ্মকৰ্তা সকলে হজযাত্ৰী সকল বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত নিজ ঘৰলৈ উভতি যোৱাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিছে ।

হজযাত্ৰী সকলৰ ওভতনি যাত্ৰা অহা 26 জুলাইত সামৰণি পৰিব (Return journey of pilgrims will end on 26th July)। অসমৰ হজযাত্ৰী সকলে মক্কা আৰু মদিনাত থকা সময়ছোৱাত তেওঁলোক যে অসমৰ পৰা আহিছে তাৰ চিন স্বৰূপে ডিঙিত গামোচা লৈ থকাৰ লগতে তেওঁলোক থকা হোটেলৰ সন্মুখত দিনে নিশাই গামোচাৰ পতাকা উৰি আছিল ।

লগতে পঢ়ক:হজৰ বাবে কেৱল দেশীয় তীৰ্থযাত্ৰীক অনুমতি চৌডি আৰৱ চৰকাৰৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details