অসম

assam

ETV Bharat / state

অনিশ্চয়তাত সমষ্টি পুনৰ নিৰ্ধাৰণ:সংসদত নাহিল বিধেয়ক - অসমত সমষ্টি পুনৰনিৰ্দ্ধাৰণ

২০১১ চনৰ লোকপিয়লৰ আধাৰতে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ লোৱা সিদ্ধান্তত ৰাজনৈতিক স্বাৰ্থতে শাসকীয় বিজেপি দলে পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ বিপৰীতে বিৰোধী দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফে ইয়াৰ তীব্ৰ বিৰোধ কৰি আহিছে । তেনে সময়তে সংসদত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কো উত্থাপনৰ ব্যৱস্থা কৰিছিল চৰকাৰে ।

restructure of Constituency : No Bill submitted in Parliament
অনিশ্চয়তাত সমষ্টি পুনৰনিৰ্দ্ধাৰণঃসংসদত নাহিল বিধেয়ক

By

Published : Sep 24, 2020, 11:00 PM IST

গুৱাহাটী,২৪ ছেপ্টেম্বৰঃ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পূৰ্ণ হৈ উঠিব বুলি ৰাজ্যৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলি থকা সময়তে এই সমস্ত প্ৰক্ৰিয়াটো একপ্ৰকাৰ অনিশ্চয়তালৈ গতি কৰিছে । ২০১১ চনৰ লোকপিয়লৰ আধাৰতে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ লোৱা সিদ্ধান্তত ৰাজনৈতিক স্বাৰ্থতে শাসকীয় বিজেপি দলে পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ বিপৰীতে বিৰোধী দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফে ইয়াৰ তীব্ৰ বিৰোধ কৰি আহিছে ।

তেনে সময়তে সংসদত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কো উত্থাপনৰ ব্যৱস্থা কৰিছিল চৰকাৰে । কিন্তু ১ অক্টোবৰলৈ চলিব লগীয়া সংসদৰ অধিবেশন কৰ'ণা পৰিস্থিতিৰ বাবে বুধবাৰে অনিৰ্দিষ্ট কাললৈ স্থগিত কৰাৰ ফলত উত্থাপিত নহ'ল সেই বিধেয়ক । সংসদৰ কাৰ্যক্ৰমণিকাত এইখন বিধেয়ক তালিকাভুক্ত হোৱা স্বত্বেও চৰকাৰে উত্থাপন কৰিব নোৱাৰিলে । ফলত অনিৰ্দিষ্ট কাললৈ অনিশ্চিত হৈ পৰিল অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া ।

লগতে পঢ়কঃবিধ্বংসী ৰূপ ধাৰণ আই নদীৰ খহনীয়াৰ

ABOUT THE AUTHOR

...view details