অসম

assam

ETV Bharat / state

সম্পূৰ্ণ দিন ৰেষ্টুৰেন্ট খোলা ৰখাৰ অনুমতিৰ আহ্বান স্বত্বাধিকাৰীৰ - ভোট জলকীয়া নামৰ ৰেষ্টুৰেন্টখনৰ স্বত্বাধীকাৰী অঞ্জলি বৰা

এবেলাৰ কাৰণে খাদ্য প্ৰস্তুত কৰিবলগীয়া হয় ৰেষ্টুৰেন্টসমূহত ৷ ইয়াৰ লগত জড়িত হৈ থাকে গেছ, ৰুম ভাড়াৰ লগতে কেইবাটাও খৰচ ৷ সকলো নিজববীয়াকৈ পৰিচালনা কৰিবলগীয়া হৈছে ৰেষ্টুৰেন্ট তথা হোটেল কৰ্মচাৰীসকলে ৷ এই ক্ষেত্ৰত চৰকাৰৰ পৰাও কোনো ধৰণৰ সুবিধা নোপোৱাত কিছু অসুবিধাৰ সন্মুখীন হৈছে স্বত্বাধিকাৰীসকল ৷

guwahati
গুৱাহাটী

By

Published : Aug 9, 2020, 10:28 AM IST

গুৱাহাটী, 9 আগষ্ট : থলুৱা অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলাইছে লক ডাউনে ৷ বিগত 4 মাহে বন্ধ হৈ আছে হোটেল, ৰেষ্টুৰেন্টৰ ব্যৱসায়সমূহ ৷ ফলশ্ৰুতিত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে হোটেল, ৰেষ্টুৰেন্টৰ স্বত্বাধিকাৰীসকল ৷ অৱশেষত বহু নীতি-নিয়মৰ মাজেৰে চৰকাৰে লক ডাউন শিথিল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে ৷ ৰেষ্টুৰেন্ট, হোটেলসমূহ এবেলা মুকলি কৰি এবেলা বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে প্ৰশাসনে ৷ ফলত হোটেল, ৰেষ্টুৰেন্টৰ স্বত্বাধিকাৰীসকলে লোকচানৰ সন্মুখীন হ'বলগীয়া হোৱা বুলি জানিবলৈ দিয়ে গুৱাহাটী জু ৰোড তিনিআলিস্থিত 'ভোট জলকীয়া' নামৰ ৰেষ্টুৰেন্টখনৰ স্বত্বাধিকাৰী অঞ্জলি বৰাই ৷

অঞ্জলি বৰা, ভোটজলকীয়া ৰেষ্টুৰাৰ গৰাকী

লগতে পঢ়কঃচৈয়দ আব্দুল মালিকক লৈ শিলাদিত্য দেৱে কৰা মন্তব্যত ক্ষোভ প্ৰকাশ আব্দুল খালেকৰ

এই নিদেৰ্শনাৰ ফলত এবেলাৰ কাৰণে খাদ্য প্ৰস্তুত কৰিবলগীয়া হয় ৰেষ্টুৰেন্টসমূহত ৷ ইয়াৰ লগত জড়িত হৈ থাকে গেছ, ৰুম ভাড়াৰ লগতে কেইবাটাও খৰচ ৷ সকলো নিজববীয়াকৈ পৰিচালনা কৰিবলগীয়া হৈছে ৰেষ্টুৰেন্ট তথা হোটেল কৰ্মচাৰীসকলে ৷ এই ক্ষেত্ৰত চৰকাৰৰ পৰাও কোনো ধৰণৰ সুবিধা নোপোৱাত কিছু অসুবিধাৰ সন্মুখীন হৈছে স্বত্বাধিকাৰীসকল ৷ ইয়াৰ মাজতে ঘৰ ভাড়ালৈ লোৱা মালিকসকলৰ পৰাও কোনো সহযোগিতা পোৱা নাই বুলি অৱগত কৰে অঞ্জলি বৰাই ৷ যিকোনো পৰিস্থিতিত সময়ে সময়ে ঘৰ ভাড়া দিবলগীয়া হৈছে ৰেষ্টুৰেন্ট, হোটেলৰ স্বত্বাধিকাৰীসকলে ৷

উল্লেখ্য যে, বেংকৰ পৰা লোণ লৈ নতুনকৈ ব্যৱসায় আৰম্ভ কৰা যুৱচামেও বেংকৰ লোণৰ পৰা ৰেহাই পোৱা নাই ৷ গতিকে সমস্যাৰ সমাধান হিচাপে সকলো নীতি-নিয়মৰ মাজেৰে সম্পূৰ্ণ দিন ৰেষ্টুৰেন্ট, হোটেল খোলাৰ অনুমতি প্ৰদান কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছে অঞ্জলি বৰাই ৷

ABOUT THE AUTHOR

...view details