গুৱাহাটী, ২২ নৱেম্বৰ:আয় বৰ্হিভূত ভাৱে সম্পত্তি পাহাৰ গঢ়াৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা নিলম্বিত ডিআইজি ৰৌণক আলি হাজৰিকা(Suspended DIG Rounak Ali Hazarika)ৰ বাসগৃহত পুনৰ অভিযান চলালে মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে(Chief Minister's Special Vigilance Cell) ৷ হেঙেৰাবাৰী বাসগৃহত অভিযান চলাই তদন্তকাৰী দলে । হাজৰিকা বাসগৃহৰ ভূমি জোখ-মাখ কৰি চৰকাৰী পঞ্জীয়ন মূল্যৰ বিষয়া দ্বাৰা তন্ন-তন্নকৈ নথি-পত্ৰ পৰীক্ষাৰ কৰাইছে তদন্তকাৰী দলটোৱে ৷
ইফালে, সম্পত্তিৰ জোখ-মাখৰ ভিডিঅ' গ্ৰাফী কৰিলে মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষৰ দলটোৱে ৷ উল্লেখ্য যে, ৰৌণক ৰৌণক আলি হাজৰিকাই বাসগৃহ ভূমি ক্ৰয় কৰিছিল অনিল চন্দ্ৰ তালুকদাৰ নামৰ এগৰাকী লোকৰ পৰা ৷ লোকজনৰ অভিযোগ অনুসৰি, বাসগৃহভূমি ক্ৰয়তো বৃহৎ অনিয়মৰ আশ্চয় লৈছিল ৰৌণক আলিয়ে ৷
লগতে পঢ়ক:ৰৌণক আলী হাজৰিকাৰ কিমান সম্পত্তিৰ তথ্য পাইছে আৰক্ষীয়ে ?