গুৱাহাটী,৩১ ডিচেম্বৰ :ৰাজ্য চৰকাৰে এক নিৰ্দেশযোগে ৰাজ্যৰ প্ৰশাসনৰ শীৰ্ষ মহলত পদোন্নতি দিয়াৰ লগতে সামান্য সাল-সলনি ঘটাইছে । কেইবাগৰাকী আই এ এছ বিষয়াক পদোন্নতি দিয়াৰ লগতে আন কেইবাগৰাকী বিষয়াক পদোন্নতিসহ বদলি কৰা হৈছে । ১৮ গৰাকী আই এ এছ বিষয়াক পদোন্নতি দিয়া হৈছে (18 IAS officers from Assam promoted)। সেই অনুসৰি বিত্ত, সাংস্কৃতি পৰিক্ৰমা আৰু বিজ্ঞান-প্ৰযুক্তি বিভাগৰ সচিব লয়া মাদুৰীক পদোন্নতিসহ একে দায়িত্বতে ৰখা হৈছে ।
উচ্চ শিক্ষা বিভাগৰ সচিবকে ধৰি কেইবাটাও বিভাগৰ দায়িত্বত থকা নাৰায়ণ কোঁৱৰক পদোন্নতি দিয়া হৈছে । লগতে পূৰ্বৰ দায়িত্বতে ৰখা হৈছে । ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সচিব কৰুণা কুৰ্মীক একে দায়িত্বতে ৰাখি পদোন্নতি দিয়া হৈছে । জনজাতি পৰিক্ৰমা (ভৈয়াম), সামাজিক ন্যায় আৰু সবলীকৰণ, পৰিৱেশ আৰু বন বিভাগৰ সচিবৰ দায়িত্বত থকা বিনীতা পেগুক পদোন্নতি দিয়া হৈছে । লগতে একে দায়িত্বতে ৰখা হৈছে । বড়োলেণ্ড কল্যাণ আৰু তথ্য আৰু জনসংযোগ বিভাগৰ সচিব উমানন্দ দলেক একে দায়িত্বতে ৰাখি পদোন্নতি দিয়া হৈছে ।
সীমা সুৰক্ষা আৰু উন্নয়ন আৰু পৰ্যটন বিভাগৰ সচিব প্ৰভাতী থাউচেনক পদোন্নতি দি একে দায়িত্বতে ৰখা হৈছে (IAS officer promotion)। যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনক একে পদতে পদোন্নতি দিয়া হৈছে (Jorhat DC Ashok Kumar Barman)। সংসদীয় পৰিক্ৰমা আৰু পাৰপত্র বিভাগৰ সচিব বন্দনা চৌধুৰীক পদোন্নতিসহ একে দায়িত্বতে ৰখা হৈছে । আনহাতে কেন্দ্ৰীয় ডেপুটেচনত থকা আই এ এছ বিষয়া দেৱজ্যোতি দত্তক পদোন্নতি দিয়া হৈছে । গৃহ আৰু ৰাজনীতি, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সচিব আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক পাৰ্থ প্ৰতিম মজুমদাৰক একে দায়িত্বতে ৰাখি পদোন্নতি দিয়া হৈছে ।