অসম

assam

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 7:27 PM IST

ETV Bharat / state

Invention of IIT Guwahati:পানীৰ মিশ্ৰণৰ পৰা জৈৱ ইন্ধন পৃথক কৰা পদ্ধতি উদ্ভাৱন গুৱাহাটী আই আই টিৰ

গুৱাহাটী আই আই টিৰ ৰাসায়নিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক বৈভৱ ভি গৌড় আৰু তেওঁৰ গৱেষণা ছাত্ৰী সুতপা দাসৰ সাফল্য় । চিলিকা নেনোপার্টিকলছ ৰাসায়নিক প্ৰলেপযুক্ত কপাহী কাপোৰেৰে প্ৰস্তুত কৰা পদ্ধতি উদ্ভাৱন ।

Department of Chemical Engineering IIT Guwahati
গুৱাহাটী আই আই টিৰ ৰাসায়নিক অভিযান্ত্ৰিক বিভাগ

গুৱাহাটী, ২৬ ছেপ্টেম্বৰ :ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী চমুকৈ আইআইটি গুৱাহাটীৰ গৱেষকসকলে চিলিকা নেনোপার্টিকলছ (Silica Nanoparticles) ৰাসায়নিক প্ৰলেপযুক্ত কপাহী কাপোৰেৰে প্ৰস্তুত কৰা এক পদ্ধতি উদ্ভাৱন কৰিছে । এই পদ্ধতিটো উদ্ভাৱনৰ নেতৃত্ব লৈছে গুৱাহাটী আই আই টিৰ ৰাসায়নিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক বৈভৱ ভি গৌড় আৰু তেওঁৰ গৱেষণা ছাত্ৰী সুতপা দাসে । এই পদ্ধতিৰে জৈৱ ইন্ধন-পানীৰ মিশ্ৰণৰ পৰা জৈৱ ইন্ধন পৃথক কৰিব পাৰে । এই গৱেষণাৰ লক্ষ্য হৈছে সামুদ্ৰিক জৈৱ ইন্ধন প্ৰদূষণ হ্ৰাস কৰি বৃহৎ পৰিমাণৰ কৃষি আৱৰ্জনাক বহনক্ষম মূল্য সংযোজন সামগ্ৰীলৈ ৰূপান্তৰিত কৰা । উক্ত চিলিকা নেনোপার্টিকলছ কণাবোৰ ধানৰ বাকলি, কৃষিজাত আৱৰ্জনা, প্ৰাথমিক উৎস সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে ।

এই অধ্যয়নে জলীয়/অ-জলীয় মিশ্ৰণৰ পৰা তেল/পানীৰ মিশ্ৰণ বা ক্ষতিকাৰক উপাদানসমূহক পৃথক কৰাৰ বাবে মিতব্যয়ী, বহনক্ষম মঞ্চৰ বিকাশত সহায় কৰিব । আই আই টি গুৱাহাটীৰ ৰাসায়নিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক বৈভৱ ভি গৌড়ে কয় যে ঔদ্যোগিক নিষ্কাষণ বা দুৰ্ঘটনাৰ ফলত‌ জৈৱ ইন্ধন পৰি যোৱাৰ ফলত পৰিৱেশ তন্ত্ৰৰ অপৰিৱৰ্তনীয় ক্ষতি হয় । ইয়াৰ পৰম্পৰাগত পৰিষ্কাৰ কৰা কৌশল অতি ব্যয়বহুল আৰু অতিৰিক্ত প্ৰদূষণৰ সৃষ্টি কৰে । বিশ্বৰ গৱেষকসকলে জৈৱ ইন্ধন আৰু পানীৰ মিশ্ৰণক পৃথক কৰিবলৈ বিভিন্ন সামগ্ৰী উদ্ভাৱন কৰিবলৈ চেষ্টা কৰি আহিছে ।

এই পৰিৱেশ-অনুকূল পদ্ধতিটোৰ বিষয়ে ব্যাখ্যা কৰি আই আই টি গুৱাহাটীৰ ৰাসায়নিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক বৈভৱ ভি গৌড়ে কয়, "আমাৰ প্ৰযুক্তিয়ে পৰিৱেশৰ ওপৰত একাধিক উপকাৰী প্ৰভাৱ পেলায় । ধানৰ বাকলি হৈছে এক কৃষি উপজাত সামগ্ৰী । কৃষি উপজাত সামগ্ৰীয়ে প্ৰতি বছৰে লাখ লাখ টনত চিলিকা নেনোপার্টিকলছ উৎপন্ন কৰে । ইয়াক সাধাৰণতে অবৈজ্ঞানিকভাৱে জ্বলাই দিয়া হয় যাৰ ফলত বায়ু প্ৰদূষণ হয় । আমাৰ কৌশলৰ জৰিয়তে এই আৱৰ্জনাক বিজ্ঞানসন্মত গৱেষণাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা‌ হৈছে । "

তেওঁ উদ্ভাৱনৰ বিষয়ে বৰ্ণনা কৰি কয় যে কৃষি-আৱৰ্জনা, ধানৰ বাকলি বিজ্ঞানসম্মতভাৱে গৰম কৰি চিলিকা নেনোপার্টিকলছ হিচাপে ৰূপান্তৰিত কৰা হয় । নেন কণাবোৰক পানী-প্ৰতিৰোধী কৰিবলৈ,সেইবোৰক চিলেন্স নামৰ বিশেষ ৰাসায়নিক পদাৰ্থৰ দ্বাৰা বিকশিত কৰা হয় । অৱশেষত বিকশিত কৰা নেন "কণাবোৰ কপাহৰ পদাৰ্থৰ ওপৰত লেপ দিয়া হয় । যাৰ ফলত জৈৱ ইন্ধন-পানীৰ মিশ্ৰণ পৃথক কৰাৰ বাবে এক প্ৰাকৃতিক, ত্ৰিমাত্রিক sorbent সৃষ্টি হয় ।

অধ্যাপক গৌড়ে কয়, "আইআইটি গুৱাহাটীৰ এই পদ্ধতিটো আমাৰ পৰীক্ষাসমূহত প্ৰদৰ্শন কৰা হৈছে।‌ এই পদ্ধতিটোয়ে লেপযুক্ত কপাহী কাপোৰে বিশেষকৈ জৈৱ ইন্ধন শুহি লয় ।‌ এই পৰীক্ষাত ৯৮% সফলতা পোৱা গৈছে ।‌ এয়া আন্তঃৰাষ্ট্ৰীয় জাৰ্ণেল Biomass and Bioenergy ত প্ৰকাশ পাইছে । " গৱেষণা পত্ৰখন অধ্যাপক বৈভৱ ভি গৌড় আৰু সুতপা দাসে প্ৰস্তুত কৰিছে ।

লগতে পঢ়ক:Rape case in Morigaon :ভূৰাগাঁৱত যুৱতীক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ,মহিলাসহ গ্ৰেপ্তাৰ তিনি

ABOUT THE AUTHOR

...view details