অসম

assam

ETV Bharat / state

ক্ষেত্ৰীত ডিঙি চেপি মহিলাক হত্যা

মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চল ক্ষেত্ৰীৰ হেলাগগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত মঙলবাৰে কৰৱী ঠাকুৰীয়া নামৰ এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ,মুখ মণ্ডল আৰু ডিঙিত আঘাতৰ চিন স্পষ্ট থকা মহিলাগৰাকীক ডিঙি চেপি দুৰ্বৃত্তই হত্যা কৰি কুঁৱাত পেলাই দিয়াৰ সন্দেহ আৰক্ষীৰ ৷

By

Published : Aug 13, 2019, 6:53 PM IST

ক্ষেত্ৰীত ডিঙি চেপি মহিলাক হত্যা

গুৱাহাটী,13 আগষ্টঃ মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চল ক্ষেত্ৰীৰ হেলাগগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত মঙলবাৰে কৰৱী ঠাকুৰীয়া নামৰ এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয় ৷ পুৱাই স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হয় ৷ ঘটনা অনুসৰি,সোমবাৰে সন্ধিয়াৰ পৰা ৰহস্যজনক ভাৱে মহিলা গৰাকী সন্ধানহীন হৈ থকাত পৰিয়ালৰ লোকে নিশা মহিলা গৰাকীৰ সন্ধানত চৌদিশে অভিযান চলাই যদিও মঙলবাৰে ৰাতিপুৱাহে পৰিত্যক্ত এটা কুঁৱাত মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে,মুখ মণ্ডল আৰু ডিঙিত আঘাতৰ চিন স্পষ্ট থকাৰ লগতে পিছফালে দুয়োখন হাত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰা মহিলাগৰাকীক ডিঙি চেপি দুৰ্বৃত্তই হত্যা কৰি কুঁৱাটোত পেলাই দিয়াৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ আনহাতে মহিলা গৰাকীৰ পুত্ৰই টকাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হৈছে বুলি জানিবলৈ দিছে যদিও কোনে এই হত্যাকাণ্ড সংঘটিত কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

ক্ষেত্ৰীত ডিঙি চেপি মহিলাক হত্যা

ABOUT THE AUTHOR

...view details