অসম

assam

By

Published : Jan 22, 2020, 10:20 AM IST

ETV Bharat / state

দিল্লীৰ হৈ ৪ টাকৈ পদক আঁজুৰিলে অসমৰ বিক্ৰমে

খেল’ ইণ্ডিয়াত সাঁতোৰ শাখাত দিল্লীৰ হৈ অংশগ্ৰহণ কৰি ৪ টা পদক অৰ্জন কৰে গোলাঘাটৰ বিক্ৰম চাংমাই । তিনিটা সোণ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি উৎফুল্লিত বিক্ৰম তথা তেওঁৰ পৰিয়াল।

খেল’ ইণ্ডিয়া
সাঁতোৰবিদ বিক্ৰম

গুৱাহাটী, 22 জানুৱাৰীঃ খেল’ ইণ্ডিয়াত অব্যাহত আছে অসমৰ খেলুৱৈ সকলৰ সাফল্যৰ ধাৰা ৷ ক্ৰীড়া অনুষ্ঠানটোৰ সাঁতোৰ শাখাত দিল্লীৰ হৈ অংশগ্ৰহণ কৰি ৪টা পদক অৰ্জন কৰে গোলাঘাটৰ বিক্ৰম চাংমাইয়ে । সাঁতোৰৰ ২০০ মিটাৰ,৫০মিটাৰ বাটাৰফ্লাই,৪x১০০ মিটাৰ আৰু ১০০ মিটাৰ শাখাত পদক লাভ কৰে অসমৰ খেলুৱৈজনে ৷ তিনিটা সোণ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি উৎফুল্লিত বিক্ৰম তথা তেওঁৰ পৰিয়াল ।

সাঁতোৰবিদ বিক্ৰম

দিল্লীৰ ৰাজেন্দ্ৰ প্ৰসাদ কেন্দ্ৰীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ বিক্ৰম এগৰাকী প্ৰতিভাৱান সাঁতোৰবিদ। দিল্লীত অধ্যয়নৰত বাবে দিল্লীৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়ায় খেলুৱৈগৰাকীয়ে ৷ খেলুৱৈগৰাকীৰ পৰৱৰ্তী লক্ষ্য হৈছে এছিয়ান গেমছত সফলতা অৰ্জন কৰাটো ৷

লগতে চাওকঃমেয়টন কাপত স্বৰ্ণ পদক অৰ্জন অপূৰ্বী চান্দেলাৰ

ABOUT THE AUTHOR

...view details