গুৱাহাটী, ৮ জুন :নগাঁৱৰ বামুনী পাহাৰত 18 টা কৈ হাতীৰ মৃত্যুৰ প্ৰতিবেদনৰ পাচতে সৰৱ হৈছে নেছাৰ্চ বেকন ৷ ৰাজ্যৰ বনমন্ত্ৰীগৰাকীয়ে আৰম্ভণিৰে পৰাই 18 টাকৈ হাতীৰ মৃত্যু বজ্ৰপাতৰ ফলত হোৱা বুলি কৈ অহাত ক্ষোভ প্ৰকাশ কৰে প্ৰকৃতিপ্ৰেমী সৌম্যদ্বীপ দত্তই ৷ বন বিভাগে প্ৰকাশ কৰা প্ৰতিবেদন সন্দৰ্ভত মত প্ৰকাশ কৰি প্ৰকৃতিপ্ৰেমী দত্তই কয় যে, অসমৰ যিকোনো মানুহে এই ৰিপোৰ্ট পঢ়িলে মনে সজা- ভুল তথা বিভ্ৰান্তকাৰী বুলি ভাবিবলৈ বাধ্য হ'ব । ৰাজ্যৰ বনমন্ত্ৰী গৰাকীয়ে আৰম্ভণিৰ পৰাই 18 টা হাতীৰ মৃত্যুৰ কাৰণ ব্ৰজ্ৰপাত বুলি কৈ আহিছিল । গতিকে এই প্ৰতিবেদনৰ কোনো গ্ৰহণ যোগ্যতা নাই ৷ কাৰণ বিভাগীয় কৰ্তৃপক্ষই যিখন তদন্ত কমিটি গঠন কৰিছিল তাত এজনো বিদ্যুৎ বিভাগৰ বিশেষজ্ঞ নাছিল।
বামুনী পাহাৰৰ হাতীৰ মৃত্যুৰ প্ৰতিবেদন মনে সজা: সৌম্যদ্বীপ দত্ত - Bamuni hill elephant death news
বামুনী পাহাৰত 18 টা হাতীৰ মৃত্যুৰ প্ৰতিবেদক লৈ সৰৱ নেছাৰ্চ বেকনৰ । বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক প্ৰত্যাহ্বান সৌমদ্বীপ দত্তৰ । বন বিভাগে মৰণোত্তৰ পৰীক্ষা নকৰাকৈ প্ৰতিবেদন দাখিল কৰাৰ অভিযোগ তুলিছে প্ৰকৃতিপ্ৰেমী দত্তই ।
![বামুনী পাহাৰৰ হাতীৰ মৃত্যুৰ প্ৰতিবেদন মনে সজা: সৌম্যদ্বীপ দত্ত Report on death of 18 elephants in Bamuni Hills is fake: Soumyadeep Dutta](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12058812-thumbnail-3x2-ghy.jpg)
লক্ষ্যণীয় যে, বিদ্যুৎ সম্পৰ্কে তথা ব্ৰজ্ৰপাত সম্পৰ্কে তেওঁলোকে কোনো অনুসন্ধান নকৰাকৈয়ে বজ্ৰপাতত মৃত্যু হোৱা বুলি প্ৰতিবেদনত প্ৰকাশ কৰিছে । কেবাটাও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰকৃতিপ্ৰেমী সন্থাৰ নাম তথা আলম লৈ প্ৰতিবেদন দাখিল কৰা বুলি কোৱা হৈছে যদিও কোনো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সন্থাই হাতীকেইটা বজ্ৰপাতত মৃত্যু হোৱা বুলি কোনো লিখিত তথ্য দিয়া নাই বা মৌখিকভাৱে কোৱা নাই । এনেদৰে, কেবাটাও তথ্য প্ৰমাণ দাঙি ধৰি প্ৰকৃতিপ্ৰেমী সৌমদ্বীপ দত্তই ৰাজ্যৰ বনবিভাগে দাখিল কৰা প্ৰতিবেদনৰ বিৰুদ্ধে সৰৱ হৈ পৰে।
লগতে পঢ়ক:নিযুক্তি কেলেংকাৰীত নাম সাঙোৰ খাইছে মন্ত্ৰী সঞ্জয় কিষাণৰ