গুৱাহাটী, ২০ আগষ্ট: দিছপুৰত চৰকাৰ যাৰেই নহওক, জলসম্পদ মন্ত্ৰীৰ চকীখনত যিয়েই নবহক কিয়, এটা অভিযোগ পূৰ্বৰে পৰাই উঠি আহিছে । সেইটো হ'ল- বাৰিষাৰ সময়তহে চৰকাৰে মথাউৰি নিৰ্মাণ বা মেৰামতিৰ কামত হাত দিয়ে । কিয় এই প্ৰশ্ন উঠে বাৰম্বাৰ ? ৰাজ্যত এইবাৰৰ বাৰিষাত এতিয়ালৈকে তিনিটাকৈ বান আহিল । ধন, জন সকলো ধ্বংস হ'ল । এনে পৰিস্থিতিত ৰাজ্যৰ জলসম্পদ বিভাগে কি পদক্ষেপ গ্ৰহণ কৰিছে ।
কেশৱ মহন্তৰ সৈতে সাক্ষাৎকাৰ : আক্টোবৰৰ পৰাই আৰম্ভ হ’ব মথাউৰি মেৰামতিৰ কাম - মন্ত্ৰী কেশৱ মহন্ত
অক্টোবৰৰ পৰাই আৰম্ভ হ’ব ভঙা মথাউৰি মেৰামতিৰ কাম, জনালে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ আৰু কি কি ক'লে মন্ত্ৰী কেশৱ মহন্তই । চাওক এই বিশেষ সাক্ষাৎকাৰ ৷
![কেশৱ মহন্তৰ সৈতে সাক্ষাৎকাৰ : আক্টোবৰৰ পৰাই আৰম্ভ হ’ব মথাউৰি মেৰামতিৰ কাম ই টিভিৰে আছুতীয়া সাক্ষাৎকাৰত মন্ত্ৰী কেশৱ মহন্ত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8495040-thumbnail-3x2-kesab.jpg)
ই টিভিৰে আছুতীয়া সাক্ষাৎকাৰত মন্ত্ৰী কেশৱ মহন্ত
ই টিভিৰে আছুতীয়া সাক্ষাৎকাৰত মন্ত্ৰী কেশৱ মহন্ত
ই টিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰে যে এইবাৰ এতিয়ালৈকে হৈ যোৱা তিনিটাকৈ বানত ২১ টা মথাউৰিৰ ক্ষতিসাধন হৈছিল । ইয়াৰে ভিতৰত বান চলি থকাৰ মাজতে ১৩ টাৰ মেৰামতি সম্পূৰ্ণ কৰা হৈছে । আনহাতে বাকী ৰৈ যোৱা ৮ টাৰ ভিতৰত চাৰিটাৰ মেৰামতি আগন্তুক এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব যদিও আন চাৰিটা সম্পূৰ্ণ হ’বলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব ।
জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে সাক্ষাৎকাৰ
ক্ষীপ্ৰতাৰে মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি
মথাউৰি মেৰামতি সম্পৰ্কত কেশৱ মহন্তৰ মন্তব্য
লগতে পঢ়কঃ৭৬ সংখ্যক জন্ম বাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক স্মৰণ