অসম

assam

ETV Bharat / state

Sudakshina Sharma Passes Away : সুদক্ষিণা বাইদেউ আৰু নাই - Artist Sudakshina Sharma is no more

৮৯ বছৰ বয়সত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু বিশিষ্ট শিল্পীগৰাকীৰ । শিল্পীগৰাকীয়ে জি এম চি এইছত চকুৰ লগতে তেওঁ দেহদান কৰি থৈ যায় । তেওঁৰ মৃত্যুত সমগ্ৰ অসমতে গভীৰ শোকৰ ছাঁ পৰিছে ।

Sudakshina Sharma dies
সুদক্ষিণা বাইদেউ আৰু নাই

By

Published : Jul 3, 2023, 3:06 PM IST

সুদক্ষিণা বাইদেউ আৰু নাই

গুৱাহাটী, ৩ জুলাই : অসমৰ সাংস্কৃতিক জগতৰ পৰা সৰি পৰিল এটা তাৰকাযুটিৰ আন এক নক্ষত্ৰ । অসমৰ সাংস্কৃতিক জগতৰ অন্যতম যুটি দিলীপ শৰ্মাৰ পাছত এইবাৰ ধৰাৰ পৰা বিদায় মাগিলে সুদক্ষিণা শৰ্মাই । সোমবাৰে পুৱা ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে সুদক্ষিণা শৰ্মাই । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত স্বাস্থ্যজনিত সমস্যাৰ বাবে ২৩ জুনত ভৰ্তি হৈছিল বিশিষ্ট শিল্পী সুদক্ষিণা শৰ্মা ।

ইফালে মৃত্যুৰ পাছত শিল্পীগৰাকীৰ ইচ্ছা অনুসৰিয়ে জি এম চি এইছ কৰ্তৃপক্ষই চকুযুৰি সংগ্ৰহ কৰে । তাৰ পাছতে তেওঁৰ নশ্বৰ দেহ দক্ষিণ শৰণীয়াস্থিত বাসগৃহলৈ লৈ যোৱা হয় । বাসগৃহত তেওঁৰ আত্মীয়,গুণমুগ্ধ আৰু বিভিন্ন দল-সংগঠনে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তাৰ পাছতে পুনৰ শিল্পীগৰাকীৰ নশ্বৰদেহ জি এম চি এইছলৈ দেহদানৰ বাবে অনা হয় । নীলকান্ত হাজৰিকা আৰু শান্তিপ্ৰিয়া হাজৰিকাৰ কন্যা সুদক্ষিণা শৰ্মাই ১৯৩৪ চনৰ ৮ আগষ্টত গুৱাহাটীৰ ভৰলুমুখত জন্ম গ্ৰহণ কৰিছিল ।

সুদক্ষিণা শৰ্মাই ১০ বছৰ বয়সতে বিষ্ণুপ্ৰসাদ ৰাভাৰ তত্বাৱধানত কলকাতাত চাৰিটা গীত বাণীবদ্ধ কৰিছিল । প্ৰবীণ ফুকনৰ মণিৰাম দেৱান আৰু পিয়লি ফুকন, লক্ষ্যধৰ চৌধুৰীৰ ৰক্ষকুমাৰ আৰু সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ বিষ্ণুশক্তি নাটকৰ ৰেকৰ্ডত কণ্ঠদান আৰু অভিনয় কৰিছিল । সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভগ্নী সুদক্ষিণা শৰ্মাই ১৯৫৪ চনৰ ১২ আগষ্টত গণশিল্পী, লেখক দিলীপ শৰ্মাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ।

তেওঁ ছাত্ৰ-ছাত্ৰীক ৰবীন্দ্ৰ সংগীত, জ্যোতি আৰু বিষ্ণু সংগীতৰ প্ৰশিক্ষণ দিছিল । সংগীত ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০০২ চনত সংগীত নাটক অকাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল । সুদক্ষিণা শৰ্মাৰ জন্মসূত্ৰে নাম আছিল নিৰুপমা হাজৰিকা । ঘৰত সকলোৱে কুইন বুলি মাতিছিল । ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নাম দিছিল কুইন হাজৰিকা ।

অভিজাত পৰিয়ালত জন্ম গ্ৰহণ কৰা সুদক্ষিণা শৰ্মাই শৈশৱতে জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মাৰ দৰে ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিল । ১৯৪৭ চনত পাণবজাৰৰ জুবিলী গাৰ্ডেনলৈ মহাত্মা গান্ধী আহোঁতে তেওঁ হে জয় ৰঘু নন্দন গীত পৰিৱেশন কৰিছিল ।

লগতে পঢ়ক :Sudakshina sharma is no more : অন্তিম শয়নত সুকণ্ঠী গায়িকা সুদক্ষিণা শৰ্মা

ABOUT THE AUTHOR

...view details