অসম

assam

ETV Bharat / state

Neel Pawan Baruah death: জুইশলা বাকচত ক্ষুদ্ৰ চিত্ৰ অংকনৰে বিশেষ শৈলীৰ সৃষ্টি কৰিছিল নীলপৱনে - Neel Pawan Baruah dies

অসমবাসীৰ বাবে আন এক দুঃখবৰ । অভিনেতা নিপন গোস্বামীৰ মৃত্যুৰ এদিন পাছতে বিশিষ্ট চিত্ৰ শিল্পী নীলপৱন বৰুৱাৰো মৃত্যু হয় (Artist Neel Pawan Baruah death)। সমগ্ৰ ৰাজ্যখনতে চিত্ৰ শিল্পীগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে ।

Neel Pawan Baruah death
নীলপৱন বৰুৱাৰ বিয়োগ

By

Published : Oct 28, 2022, 4:39 PM IST

গুৱাহাটী,২৮ অক্টোবৰ :প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু নাই (Artist Neel Pawan Baruah dies)। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে স্বনামধন্য শিল্পীগৰাকীয়ে । ২২ ছেপ্টেম্বৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা বিশিষ্ট চিত্ৰশিল্পীগৰাকীৰ ২৫ অক্টোবৰৰ নিশা স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটাত ভেণ্টিলেচনত ৰখা হৈছিল । কিন্তু অৱশেষত শুকুৰবাৰে বিয়লি ৩.১৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । তেওঁৰ মৃত্যুৰ লগে লগে শিল্পীসত্তাৰ এটা যুগৰ অন্ত পৰিল ।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ । নীলপৱন বৰুৱাৰ জন্ম হৈছিল ১৯৩৬ চনৰ পহিলা জুনত যোৰহাট জিলাৰ টিয়কৰ তামুলীছিঙা গাঁৱত । পিতৃ 'ধ্বনি কবি' ৰূপে খ্যাত বিনন্দ চন্দ্ৰ বৰুৱা আৰু মাতৃ লাৱণ্যপ্ৰভা বৰুৱা । নীলপৱন বৰুৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পাছত কলেজীয়া শিক্ষা লোৱা নাছিল । কিন্তু প্ৰমথনাথ বসুৰ এখন কিতাপৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ শান্তি নিকেতনত শিক্ষা লোৱাৰ মানস কৰে আৰু কলকাতালৈ যায় ।

প্ৰথমে তেওঁৰ ইচ্ছা আছিল কৃষি বিষয়ত শিক্ষা লোৱাৰ । কিন্তু শান্তি নিকেতনত প্ৰদৰ্শিত চিত্ৰ আৰু পাঠদানৰ শ্ৰেণীসমূহ দেখি চিত্ৰকলালৈ আকৰ্ষিত হয় আৰু চিত্ৰ কলা শাখাত শিক্ষা গ্ৰহণ কৰে । ১৯৬১ চনত শান্তি নিকেতনত যোগদান কৰা নীলপৱন বৰুৱাই স্নাতক ডিগ্ৰী সমাপ্ত কৰোঁতে লগাতকৈ বেছি সময় লৈছিল । শান্তি নিকেতনৰ চিত্ৰ কলাৰ শিক্ষা শেষ কৰি তেওঁ নিকেতনৰ পৰা Glazed pottery বিষয়ত শিক্ষা লয় । পাছলৈ তেওঁ নতুন দিল্লীৰ 'গাৰ্হি ষ্টুডিঅ'তো চিত্ৰাকংণৰ শিক্ষা লৈছিল ।

১৯৬৬ চনত কলকাতাৰ পৰা নীলপৱন বৰুৱা অসমলৈ আহে আৰু দেউতাকৰ ইচ্ছানুসৰি 'গুৱাহাটী আৰ্ট কলেজ'ত শিক্ষকৰ কামত যোগ দিয়ে (Neel Pawan Baruahs career)। ১৯৭১ চনত তেওঁ অসম চাৰু-কাৰু কলা পৰিষদ প্ৰতিষ্ঠা কৰে । লগতে 'বসুন্ধৰা কলা নিকেতন' নামে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰ-শিল্পৰ বিদ্যালয় স্থাপন কৰে । ইয়াৰ পাছৰে পৰা তেওঁ চিত্ৰ-শিল্প সৃষ্টিৰ কামত লাগি যায় ।

নীলপৱন বৰুৱাৰ অংকিত চিত্ৰ কলকাতাৰ 'বিৰলা একাডেমী অফ আৰ্ট এণ্ড কালচাৰ, ভুৱনেশ্বৰৰ 'লক্ষ্ণৌ ললিত কলা একাডেমী'কে আদি কৰি বিভিন্ন ঠাইত প্ৰদৰ্শিত হৈছে । তেওঁৰ অংকিত ছবিয়ে দিল্লীৰ ললিত কলা একাডেমীত অসমক প্ৰতিনিধিত্ব কৰিছিল । ১৯৮২ চনত তেওঁ অসমৰ লোক-কলা আৰু বৈষ্ণৱ মুখা শিল্পৰ ওপৰত তিনিমহীয়া কৰ্মশালা অনুষ্ঠিত কৰিছিল । মুখা শিল্পৰ কৰ্মশালাত মাজুলীৰ মুখা শিল্পীয়ে অংশগ্ৰহণ কৰিছিল । তেওঁ বৃন্দাৱনী বস্ত্রৰ বৰুৱাই বয়ন শিল্পক পুনৰুজীৱিত কৰাৰ বাবে চেষ্টা কৰিছিল ।

উল্লেখ্য যে নীলপৱন বৰুৱাই 'চাৰমিনাৰ' চিগাৰেটৰ বাকচ আৰু জুইশলা বাকচত ক্ষুদ্ৰ ক্ষুদ্ৰ চিত্ৰ অংকন কৰি এক বিশেষ শৈলীৰ সৃষ্টি কৰিছিল । নীলপৱন বৰুৱাই পূৰ্বতে উল্লেখ কৰা অনুসৰি ৬০ আৰু ৭০ৰ দশকতে তেখেতে চিগাৰেটৰ বাকচত ছবি অঁকা আৰম্ভ কৰিছিল আৰু সেই সময়ত তেখেতে প্ৰচুৰ ধূমপানো কৰিছিল । সৃষ্টিৰ বিশালতাৰে এটা অনুষ্ঠান স্বৰূপ হৈ নীলপৱন বৰুৱাই অসমৰ খ্যাতনামা কণ্ঠশিল্পী দীপালী বৰঠাকুৰক নিজৰ জীৱন সংগী কৰি লৈছিল (Neel Pawan Baruah wife Dipali Barthakur)।

কণ্ঠশিল্পী দীপালী বৰঠাকুৰে 'মটৰ-নিউৰণ ৰোগ'ত আক্ৰান্ত হৈ গান গোৱাৰ ক্ষমতা হেৰুৱাৰ লগতে চলা-ফিৰা কৰিবলৈকো 'হুইল চকী'ৰ আশ্ৰয় ল'বলগীয়া হৈছিল । এনে অৱস্থাতে নীলপৱন বৰুৱাই ১৯৭৬ চনত দীপালী বৰঠাকুৰৰ লগত বিবাহ-পাশত আৱদ্ধ হৈছিল । বিয়াৰ পাছত মৃত্যু পৰ্যন্ত তেওঁ দীপালী বৰঠাকুৰৰ যাৱতীয় যত্ন লৈ আহিছিল । ২০১৮ চনত মৃত্যু হোৱালৈকে পাঁচ দশকৰো অধিক সময় বিচনাত পৰি আছিল দীপালী বৰঠাকুৰ । পত্নী দীপালী বৰঠাকুৰৰ মৃত্যুৰ পাছত তেওঁ অকলশৰীয়া হৈ পৰিছিল । অৱশেষত অসমৰ সমাজ জীৱনত এক শূণ্যতাৰ সৃষ্টি কৰি নীলপৱন বৰুৱাও আঁতৰি গ'ল ।

অন্য এক গতি (সংকলন), বসুন্ধৰা-১ আৰু বসুন্ধৰা-২ তেওঁৰ উল্লেখযোগ্য ৰচনা । বহু সন্মানেৰে সন্মানিত নীলপৱন বৰুৱাক ২০২১ চনত অসম চৰকাৰে 'অসম সৌৰভ' বঁটাৰে সন্মানিত কৰিছিল (Neel Pawan Baruahs achievement)।

উল্লেখ্য যে নীলপৱন বৰুৱাৰ চিত্ৰসমূহ বিমূৰ্ত আৰু সেইবোৰে এটা ধাৰণা প্ৰকাশ কৰে । কিছুমান ক্ষেত্ৰত তেওঁৰ চিত্ৰসমূহত এটা ধাৰণা লুকাই থাকে আৰু যিয়ে তেওঁক সৰ্বোচ্চ স্তৰৰ শিল্পী কৰি তোলে । খুব কম সংখ্যক শিল্পী আছে যিয়ে এটা চিত্ৰৰ জৰিয়তে একাধিক ধাৰণা প্ৰকাশ কৰিব পাৰে । নীলপৱন বৰুৱাই নিজৰ চিন্তাক কেৱল কেনভাছতেই আৱদ্ধ কৰি ৰখাই নহয় পুৰণি কাৰ্ড ব'ৰ্ডৰ বাকচ, মেচবক্স, চিগাৰেটৰ পেকেট ব্যৱহাৰ কৰে ।

তেওঁ নিজৰ চৌপাশৰ সকলো বস্তুতে শিল্পকলা দেখা পাইছিল । আনহাতে বহু গ্ৰন্থৰ কভাৰ পেজ তেওঁৰ ডিজাইনত উদ্ভাসিত হৈছিল । এইগৰাকী শিল্পীৰ মৃত্যুত আজি শোকস্তব্ধ সমগ্ৰ ৰাজ্য । বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে শিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে । অসম মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও শিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :Neel Pawan Baruah passes away: বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু নাই

ABOUT THE AUTHOR

...view details