অসম

assam

By

Published : Nov 11, 2021, 6:59 PM IST

ETV Bharat / state

অসম আন্দোলনৰ শ্বহীদ জিতেন কালিতাক স্মৰণ চন্দ্ৰপুৰ ছাত্ৰ সন্থাৰ

আজি শ্বহীদ জিতেন কালিতাৰ ৩৮ সংখ্যক মৃত্যু বাৰ্ষিকী । অসম আন্দোলনৰ শ্বহীদ জিতেন কালিতাৰ সোঁৱৰণত আজি শ্বহীদ দিৱস পালন কৰিলে চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাই । আন আন কাৰ্যসূচীৰ লগতে সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰো আয়োজন কৰা হয় ।

Chandrapur
Chandrapur

গুৱাহাটী, ১১ নৱেম্বৰ: বিগত বৰ্ষসমূহৰ দৰে এইবেলিও অসম আন্দোলনৰ শ্বহীদ জিতেন কলিতাৰ ৩৮ সংখ্যক মৃত্যু তিথিটো শ্বহীদ দিৱস হিচাপে উদযাপন কৰি তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰে ছাত্র সন্থাই । বৃহস্পতিবাৰে চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত শ্বহীদ দিৱসৰ বিশেষ অনুষ্ঠানত ছাত্র সন্থাৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । ইয়াৰ পাচতে শ্বহীদ জিতেন কলিতাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে শ্বহীদ জিতেন কলিতাৰ মাতৃ প্ৰভাবালা কলিতাই । শ্বহীদ দিৱসৰ অনুষ্ঠানত সৰ্বধৰ্ম প্ৰাৰ্থনা সভাও আয়োজন কৰা হয় ।

অসম আন্দোলনৰ শ্বহীদ জিতেন কালিতাক স্মৰণ চন্দ্ৰপুৰ ছাত্ৰ সন্থাৰ

সৰ্বধৰ্ম প্ৰাৰ্থনাত গীতা, বাইবেল আৰু কোৰাণ পাঠ কৰাৰ লগতে আয়তীসকলেও নাম-প্ৰসংগ কৰে । উল্লেখ্য যে, বিদেশী বহিস্কাৰ আন্দোলনৰ সময়ত ১৯৮৩ চনৰ ১১ নৱেম্বৰ তাৰিখে শ্বহীদ হৈছিল এইগৰাকী ছাত্ৰ নেতা জিতেন কলিতা । তেতিয়াৰ পৰাই চন্দ্ৰপুৰ আঞ্চলিক ছাত্র সন্থাই প্ৰতি বছৰে এই দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে ।

শ্বহীদ দিৱসত অংশগ্ৰহণ কৰি সদৌ কামৰূপ মহানগৰ জিলা ছাত্র সন্থাৰ সম্পাদক টুটুমণি কলিতাই কয় যে, শ্বহীদসকলে যি উদ্দেশ্য আগত লৈ আত্মবলিদান দিছে সেই উদ্দেশ্যেক ছাত্র সন্থাই কেতিয়াও অথলে যাবলৈ নিদিয়ে । লক্ষ্য প্ৰাপ্ত নোহোৱালৈ ছাত্র সন্থাই তেজ দি হ'লেও এই সংগ্ৰাম অব্যাহত ৰাখিব বুলি স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক:গুৱাহাটী উচ্চ ন্যায়ালয়ত হাজিৰ বিজেপিৰ প্ৰবীণ নেতা সুব্ৰমণিয়ম স্বামী

ABOUT THE AUTHOR

...view details