গুৱাহাটী, ১৭ জুন : ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাৰ মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগিচাত জন্ম হৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ । পিতৃ পৰমানন্দ আগৰৱালাৰ ঔৰসত আৰু মাতৃ কিৰণময়ী আগৰৱালাৰ গৰ্ভত জন্মলাভ কৰিছিল এইগৰাকী ক্ষণজন্মা পুৰুষে । প্ৰখ্যাত অসমীয়া চন্দ্ৰকুমাৰ আগৰৱালা আছিল তেওঁৰ বৰদেউতাক ।
জন্মসূত্ৰে অসমীয়া হ'লেও তেওঁৰ পূৰ্বপুৰুষ হৈছে ৰাজস্থানৰ পৰা প্ৰব্ৰজিত এটি ব্যৱসায়িক পৰিয়াল । তেওঁৰ পূৰ্বপুৰুষ নবৰংগৰাম আগৰৱালা ১৮১১ চনত ৰাজস্থানৰ মাৰৱাৰ অঞ্চলৰ পৰা অসমলৈ আহিছিল ব্যৱসায়ৰ সূত্ৰে । কিন্তু এই পৰিয়ালটোৱে অসমীয়া সমাজ-সংস্কৃতিৰ বাবে যি অৱদান আগবঢ়াই থৈ গৈছে সেয়া অসমৰ ইতিহাসত সদায় স্বৰ্ণিল আখৰেৰে জিলিকি থাকিব । উল্লেখ্য, জ্যোতিপ্ৰসাদৰ পৰিয়ালৰে সদস্য হৰিবিলাস আগৰৱালাই পোনপ্ৰথমে কীৰ্তন পুথিখন ছপা আকাৰত প্ৰকাশ কৰিছিল ৷
জ্যোতিপ্ৰসাদ আগৰৱালা হৈছে অসমৰ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তিসকলৰ মাজৰ এগৰাকী । প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক তথা প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা । অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী হৈ আছে জ্যোতিপ্ৰসাদৰ সৃষ্টিৰাজিৰে । কবিতা, নাটক, প্ৰবন্ধ, সমালোচনা, শিশু সাহিত্য আদি সকলো দিশতে তেওঁ অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই থৈ গৈছে । আনহাতে, অসমীয়া সংস্কৃতি জগতলৈ আগবঢ়োৱা তেওঁৰ অনবদ্য অৱদানৰ বাবেই তেওঁক 'ৰূপকোঁৱৰ' অভিধাৰে বিভূষিত কৰা হৈছে । জ্যোতিপ্ৰসাদ আগৰৱালা হৈছে আধুনিক অসমীয়া গীতৰ প্ৰৱৰ্তক।
অসমীয়া ছবিজগতৰ বাটকটীয়া জ্যোতিপ্ৰসাদে ১৯৩৫ চনতে প্ৰথমখন অসমীয়া চলচ্চিত্ৰ 'জয়মতী' নিৰ্মাণ কৰিছিল । এইগৰাকী শিল্পীপ্ৰাণৰ মৃত্যুতিথি ১৭ জানুৱাৰী সেয়েহে 'শিল্পী দিৱস' হিচাপে পালন কৰা হয় । এগৰাকী স্বাধীনতা সেনানী জ্যোতিপ্ৰসাদৰ দৰ্শনক ‘ৰূপান্তৰৰ দৰ্শন’হিচাপেও আখ্যা দিয়া হয় ৷ কিয়নো তেওঁ কৈছিল-‘ৰূপান্তৰেহে মাথোঁ জগত ধুনীয়া কৰে, এয়ে মোৰ গায়ত্ৰী মন্ত্ৰ’ ।
১৯২১ চনত মেট্ৰিক পৰীক্ষাত দ্বিতীয় বিভাগত উৰ্ত্তীণ হৈ জ্যোতিপ্ৰসাদে কলিকতাৰ নেচনেল কলেজৰ পৰা আইএ পৰীক্ষাত উত্তীৰ্ণ হয় । তাৰপিছত তেওঁ ১৯২৬ চনত অৰ্থনীতি বিষয়ত উচ্চ শিক্ষাৰ বাবে এডিনবাৰ্গলৈ যাত্ৰা কৰে । কিন্তু পঢ়া সাং নকৰাকৈয়ে তেওঁ ১৯৩০ চনত জন্মভূমিলৈ উভতি আহে । অৱশ্যে ওভতনি পথত তেওঁ জাৰ্মানীত সাত মাহৰ এক চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লয় ।
স্বদেশৰ পৰাধীনতা বাৰুকৈয়ে আঘাত কৰা জ্যোতিপ্ৰসাদ আগৰৱালাই ঘৰলৈ উভতি আহি ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে । ১৯৩২ চনত তেওঁ ১৫ মাহৰ বাবে কাৰাবাস খাটে । কিন্তু কাৰাবন্দী অৱস্থাত শিলচৰ কাৰাগাৰত টাইফইড ৰোগত আক্ৰান্ত হোৱা সত্ত্বেও তেওঁ কাৰাবাস সম্পূৰ্ণ কৰে । কাৰাবাসৰ পৰা মুকলি হৈ অহাৰ পিছত অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰতি জ্যোতিপ্ৰসাদৰ মন ঢাল খায় । সেয়ে ১৯৩৩ চনৰ শেষৰফালে ভোলাগুৰি চাহ বাগিচাত 'চিত্ৰবন' নামৰ এটি ষ্টুডিঅ' স্থাপন কৰি প্ৰথম অসমীয়া ছবি জয়মতীৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰে ।
লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনী আধাৰিত তথা অসমৰ প্ৰথমখন চলচ্চিত্ৰ জয়মতীয়ে ১৯৩৫ চনত মুক্তিলাভ কৰে । কিন্তু জয়মতী ছবিখন ব্যৱসায়িকভাৱে সফল হোৱা নাছিল । ফলত ব্যৱসায়িক লোকচানৰ জোৰা মাৰিবলৈ তেওঁ ১৯৩৯ চনত দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতী নিৰ্মাণ কৰে । কিন্তু দেশৰ স্বাধীনতা আন্দোলনে তেওঁক অহৰহ হাত বাউলি মাতি থাকে । সেয়ে স্বাধীনতা আন্দোলনৰ ভৰপকৰ সময়ত ১৯৪১ চনৰ পৰা জ্যোতিপ্ৰসাদ পুনৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে । আনহাতে, ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত তেখেতে সক্ৰিয় ভূমিকা গ্ৰহণ কৰে । এই সময়ছোৱাতে তেওঁৰ হাতৰ নিজৰি কাপ নিগৰি ওলায় বহু কালজয়ী গীত-কবিতা । এই গীত তথা কবিতাবোৰে স্বাধীনতা সংগ্ৰামীসকলক উদ্বুদ্ধ কৰি তোলে ।
১৯৩৬ চনত জ্যোতিপ্ৰসাদে সাংসাৰিক বান্ধোনত বান্ধ খায় । তেওঁ দেৱযানী ভূঞাৰ পাণি গ্ৰহণ কৰে । তেওঁলোকৰ সাতোটাকৈ সন্তান ভৱিষ্যতৰ বংশধৰ হিচাপে এই পৃথিৱীত এৰি থা যায় । তেওঁলোক হৈছে চিন্ময় আগৰৱালা, বিশ্বেন্দু আগৰৱালা, জয়শ্ৰী, জ্ঞানশ্ৰী, সত্যশ্ৰী, হেমাশ্ৰী আৰু মনশ্ৰী ।