গুৱাহাটী , ৮ ছেপ্টেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো উদযাপন কৰা হয় সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্মদিন । এই উপলক্ষে আছুৰ উদ্যোগত দীঘলী পুখুৰীৰ পাৰত থকা ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱা হয় । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ লগতে বিষয়ববীয়া সকল উপস্থিত থাকে ।
আনহাতে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত ভাৰতৰত্ন সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্মদিনত স্মৃতি তৰ্পন অনুষ্ঠান জালুকবাৰীস্থিত সুধাকণ্ঠৰ সমাধিক্ষেত্ৰত আয়োজন কৰা হয় । এই কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্ত, ৰঞ্জিত দাস, যোগেন মহন, সঞ্জয় কিষাণ উপস্থিত থাকি সুধাকন্ঠলৈ শ্ৰদ্ধাঞ্জলি জনায় । অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী কেশৱ মহন্তই সমাধি ক্ষেত্ৰ আজিৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া বুলি ঘোষণা কৰে । উল্লেখ্য যে কোভিডৰ বাবে দীৰ্ঘদিন ধৰি দৰ্শনাৰ্থীৰ বাবে বন্ধ হৈ আছিল সমাধি ক্ষেত্ৰ।
লগতে পঢ়ক:নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত নিহত 1; সন্ধানহীন অৰ্ধশতাধিক
ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগতো নিজৰাপাৰৰ সুধাকণ্ঠৰ বাসভৱনত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্মদিন অনুষ্টুপীয়াকৈ পালন কৰাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সুধাকণ্ঠৰ অনুৰাগীৰ গীত মাত আৰু আলাপেৰে অনুষ্টুপীয়াকৈ সুধাকন্ঠৰ ওপজাদিনটি পালন কৰা হয় । ৯৫ খন পতাকা উত্তোলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰা হয় ৷
গুৱাহাটীৰ চান্দমাৰীস্থিত পেঞ্চনাৰ ভৱন প্ৰাংগনটো আৰোহণ ফাউণ্ডেছন নামৰ সাংস্কৃতিক অনুষ্ঠানটোৱে বিভিন্ন কাৰ্যসূচীৰে ড৹ ভূপেন হাজৰিকা জন্ম দিন পালন কৰে । সুধাকণ্ঠৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি ভূপেন্দ্ৰ সংগীত, ভূপেন্দ্ৰ সংগীতত নৃত্য, লগতে স্বৰচিত কবিতা আবৃত্তিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । অনুষ্ঠানত উপস্থিত থাকে ড৹ ডালিমী কোঁৱৰ, ড৹ বিদুলা শৰ্মা, জন্মি দাস, ডিমলী গগৈ, হীৰু শৰ্মা আৰু ৰবীন ডেকা আদি ।