অসম

assam

ETV Bharat / state

৭৫ দিনৰ অন্তত ধৰ্মীয়স্থলসমূহত আৰম্ভ হ'ল পূজা-অৰ্চনা - পূজা-অৰ্চনা

সোমবাৰৰ পৰা পুনৰ মুকলি হ'ল দেশৰ ধৰ্মীয় স্থলসমূহ ৷ দেশৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীৰ বিভিন্ন ধৰ্মীয়স্থল সমূহতো সোমবাৰৰ পৰা আৰম্ভ হয় পূজা অৰ্চনা ৷

religious places re opened in guwahati
religious places re opened in guwahati

By

Published : Jun 8, 2020, 4:47 PM IST

গুৱাহাটী, 8 জুনঃসমগ্ৰ বিশ্বতে ভয়াৱহ ৰূপ ধাৰণ কৰা মহামাৰী কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কেন্দ্ৰ চৰকাৰে যোৱা ২৪ মাৰ্চৰ পৰা দেশজুৰি ঘোষণা কৰিছিল লক ডাউন ৷ লক ডাউনৰ সময়ছোৱাত দেশৰ সকলো দোকান-পোহাৰ,কাৰ্যালয়,ভিন্ন প্ৰতিষ্ঠান,উদ্যোগকে আদি কৰি বন্ধ হৈ পৰিছিল ধৰ্মীয় স্থল সমূহো ৷ কেন্দ্ৰ চৰকাৰে লক ডাউন শিথিল কৰি ৮ জুনৰ পৰা দেশৰ ধৰ্মস্থল সমূহৰ লগতে হোটেল,ৰেষ্টুৰেণ্ট আদি পুনৰ মুকলি কৰাৰ অনুমতি প্ৰদান কৰাত, সোমবাৰৰ পৰা মুকলি কৰা হ'ল এই স্থানসমূহ ৷ মহানগৰীৰ বিভিন্ন মঠ-মন্দিৰ,মছজিদ আদিত ৭৫ দিনৰ অন্তত সোমবাৰে পুৱাৰে পৰা দেখিবলৈ পোৱা গ'ল ভক্তৰ সমাগম ৷

৭৫ দিনৰ অন্তত ধৰ্মীয়স্থলসমূহত আৰম্ভ হ'ল পূজা-অৰ্চনা

ঐতিহাসিক উগ্ৰতাৰা মন্দিৰত পুৱাৰ ভাগত কিছুসংখ্যক দৰ্শনাৰ্থী আহি আগবঢ়ায় পূজা-অৰ্চনা ৷ মন্দিৰ প্ৰাংগণত কৰ'ণা ভাইৰাছ ৰোধ সন্দৰ্ভত চৰকাৰে বান্ধি দিয়া সকলো নীতি-নিয়ম পালন কৰাও পৰিলক্ষিত হয় ৷

লগতে পঢ়কঃদৰ্শনাৰ্থীৰ বাবে মুকলি হ'ল ঐতিহ্যমণ্ডিত মহাভৈৰব মন্দিৰ

ABOUT THE AUTHOR

...view details