অসম

assam

ETV Bharat / state

মহানগৰীত স্নেহা বেচৰকাৰী সংস্থাৰ সাহাৰ্য বিতৰণ

গুৱাহাটীৰ মহানগৰীৰ গড়চুকত স্নেহা নামৰ বেচৰকাৰী সংস্থাটোৱে দৰিদ্ৰ মহিলাসকলৰ মাজত বিতৰণ কৰিলে প্ৰয়োজনীয় খাদ্য সামগ্ৰী ৷ লক ডাউনৰ বাবে কৰ্মহীন হৈ পৰা দৰিদ্ৰ মহিলা সকলৰ মাজত বিতৰণ কৰিলে এই খাদ্য সামগ্ৰী ৷

relief items distributed among poor woman by Senha Orgainzation
মহানগৰীত স্নেহা বেচৰকাৰী সংস্থাৰ সাহাৰ্য বিতৰণ

By

Published : Aug 6, 2020, 3:42 PM IST

গুৱাহাটী, 6 আগষ্ট : বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ গড়চুকৰ অন্তৰ্গত গড়ভাঙা গাঁৱৰ স্থানীয় দৰিদ্ৰ মহিলা সকলৰ মাজত স্নেহানামৰ বেচৰকাৰী সংস্থাই বিতৰণ কৰিলে প্ৰয়োজনীয় খাদ্য সামগ্ৰী ৷ 50 গৰাকী মহিলাৰ মাজত সংস্থাটোৱে বিতৰণ কৰিলে খাদ্য সামগ্ৰী ৷ লক্ ডাউনৰ বাবে কৰ্মহীন হৈ পৰা মহিলা সকলৰ মাজত সংস্থাটোৱে বিতৰণ কৰিলে এই সামগ্ৰী ৷

উল্লেখ্য যে, সমগ্ৰ বিশ্বৰ লগতে ভাৰতত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাত প্ৰায় 4 মাহ যোৰা লক ডাউনৰ ফলত বহুতো লোক আৰ্থিক সংকটত ভোগা পৰিলক্ষিত হৈছিল ৷ আনকি, বহুতো লোকে কৰ্ম সংস্থাপন হেৰুওৱাই উপাৰ্জনৰ পথ বিচাৰি হাহাকাৰ কৰা পৰিলক্ষিত হৈছে ৷ বৰ্তমান লক্ ডাউন কিছু পৰিমাণে শিথিল হোৱাত স্বাভাৱিক জীৱন ঘূৰি আহিছে যদিও দিন হাজিৰা কৰি ফুৰা লোক সকলৰ অৱস্থা বৰ্তমানেও সংকটত পৰা পৰিলক্ষিত হৈছে ৷ এনে ক্ষেত্ৰত মহানগৰীৰ গড়চুকৰ এই সকল দৰিদ্ৰ পৰিয়ালৰ মহিলাক সহায়ৰ হাত আগবঢ়াইছে স্নেহা নামৰ বেচৰকাৰী সংস্থাটোৱে ৷

মহানগৰীত স্নেহা বেচৰকাৰী সংস্থাৰ সাহাৰ্য বিতৰণ

জানিব পৰা মতে,স্নেহানামৰ বেচৰকাৰী সংস্থাটোৱে বিভিন্ন সময়ত সমাজৰ দুৰ্বল লোক সকলৰ সহায়ৰ হাত আগবঢ়াই আহিছে ৷ আনকি, এই সংস্থাটোৱে বিভিন্ন ধৰণৰ সমাজিক কামৰ লগতো জড়িত হৈ আছে ৷ মহানগৰীৰ কাহিলীপাৰাত এই সংস্থাটোৱে এখন বৃদ্ধ আশ্ৰমৰ জৰিয়তে ৰাইজক সেৱা আগবঢ়াই আহিছে ৷

লগতে পঢ়ক : হিৰ’শ্বিমাৰ ৭৫তম বাৰ্ষিকী আৰু কলিয়া ‘মাশ্বৰুম ক্লাউড’ৰ ভূমুকি

ABOUT THE AUTHOR

...view details