গুৱাহাটী, 14 মাৰ্চ : গুৱাহাটী মহানগৰীৰ গাড়ীগাঁৱত সংঘটিত কিশোৰীৰ দলবদ্ধ ধৰ্ষণৰ সৈতে জড়িত অভিযুক্তৰ পৰিয়ালৰ সদস্য আৰু আত্মীয়ক গ্ৰেপ্তাৰ । দলবদ্ধ ধৰ্ষণৰ ৫ অভিযুক্তৰ ৭ জনকৈ আত্মীয়-বন্ধুক সোমবাৰে গ্ৰেপ্তাৰ কৰে পানবজাৰ মহিলা আৰক্ষীয়ে (Minor girl raped in Guwahati)। ধর্ষণকাৰীক লুকুৱাই ৰখা লগতে পলায়নত সহায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে(Relative of Guwahati gang rape accused are arrested) ।
গ্ৰেপ্তাৰ কৰা ভিতৰত আছে দুগৰাকী মহিলা । ইফালে আইজুল হক (২৪), অভিজিৎ মজুমদাৰ(২৩), চাদাম হুছেইন(৩০), ফিৰোজ আলি(৪৮), আৰিফ আলি(৩৫), মিৰ্জা বেগম(৪৮), নেহা বেগম(২২)। আইজুল হক (২৪), অভিজিৎ মজুমদাৰক(২৩) তিনিদিনৰ আৰক্ষীৰ জিন্মাত ৰখা হৈছে ।
উল্লেখ্য যে, ৮ মার্চৰ পৰা অভিযুক্তক বিচাৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্য্যন্ত লাভ আৰক্ষীয়ে অভিযুক্তৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী ।