অসম

assam

ETV Bharat / state

Eli Ahmed Under Treatment : কাষত কোনো নাই, অকলশৰীয়া হৈ হাস্পতালৰ বিচনাত পৰি আছে পদ্মশ্ৰী এলি আহমেদ

ওৰেতো জীৱন মানুহৰ হকে কাম কৰি অহা এলি আহমেদৰ কাষত এতিয়া কোনো নাই ৷ অকলশৰেই শুই আছে হাস্পতালৰ এখন বিছনাত ৷ পানী এটুপি খাও বুলিলেও যেন কাষত নাই কোনোবা আপোনজন ৷

Eli Ahmed Under Treatment
অকলশৰীয়া হৈ হাস্পতালৰ বিচনাত পৰি আছে পদ্মশ্ৰী এলি আহমেদ

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 9:52 PM IST

অকলশৰীয়া হৈ হাস্পতালৰ বিচনাত পৰি আছে পদ্মশ্ৰী এলি আহমেদ

গুৱাহাটী, 28 অক্টোবৰ : ড৹ ভূপেন হাজৰিকাই তেওঁক মাতিছিল ৰং বুলি, ড॰ নিৰ্মল প্ৰভা বৰদলৈয়ে মাতিছিল বেলি নামেৰে ৷ একেদৰে নলিনীবালা দেৱীয়ে পখিলা, ব্ৰজেন বৰুৱাই গীত আদি নামেৰে চেনেহ যাঁচিছিল ৷ কি নহয় তেওঁ ! একাধাৰে লেখিকা, চিত্ৰনাট্যকাৰ, নিৰ্দেশক, গীতিকাৰ, কষ্টিউম ডিজাইনাৰ, অভিনেত্ৰী আৰু সমাজকৰ্মীৰূপে প্ৰখ্যাত অসমীয়াগৰীকীয়েই হৈছে পদ্মশ্ৰী এলি আহমেদ ।

ওৰেতো জীৱন মানুহৰ হকে কাম কৰি অহা এলি আহমেদৰ জনপ্ৰিয়তাত নাই অথবা নাছিল কোনো প্ৰশ্নবোধক ৷ কিন্তু যোৱা 10 অক্টোবৰৰ পাচৰে পৰা এলি আহমেদৰ নিসংগতাই চকু সেমেকাইছে বহুতৰে ৷ মানৱ সাগৰত সাঁতুৰি-নাদুৰি থাকিও তৃষ্ণাতুৰৰ দৰে অকলশৰেই শুই আছে হাস্পতালৰ এখন বিছনাত ৷ পানী এটুপি খাও বুলিলেও যেন কাষত নাই কোনোবা আপোনজন ৷ শুশ্ৰূষাতো বাদেই খবৰ ল’বলৈও আহৰি নাই আত্মীয়-স্বজনৰ । অসমীয়া সাহিত্য-সংস্কৃতি সবল কৰা এলি আহমেদ জীৱনৰ বিয়লি বেলাত যেন হৈ পৰিছে সম্বলহীন ৷

নকলেও হ’ব যে, অসমৰ সাহিত্য-সংস্কৃতি-সমাজ জীৱনত তেওঁৰ বৰঙণি অতুলনীয় । এইগৰাকী এলি আহমেদ আছিল উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন মহিলাৰ বাবে প্ৰকাশিত আলোচনী 'ওৰণি'ৰ প্ৰকাশক, সম্পাদিকা আৰু স্বত্বাধিকাৰী ৷ দুখ লগা বিষয় যে সেইগৰাকী সুলেখিকা, গীতিকাৰ এলি আহমেদ সম্প্ৰতি ডিমেনচিয়াত ভুগি শিশুৰ দৰে হৈ পৰিছে । বিগত ১০ অক্টোবৰৰ পৰা মহানগৰীৰ ৰহমান হাস্পতালত চিকিৎসাধীন হৈ আছে এলি আহমেদ । সম্প্ৰতি কিছু পৰিমানে সুস্থ হৈছে যদিও তেওঁক চোৱা-চিতা মানুহৰ অভাৱৰ বাবে চিকিৎসালয়ৰ পৰা যাবলৈ দিব পৰা নাই হাস্পতাল কৰ্তৃপক্ষই ।

ৰহমান হাস্পতালৰ সঞ্চালক ডাঃ এম. এল. এ. ৰহমানে কয়, ‘‘এলি আহমেদ চকুৰ অস্ত্ৰপ্ৰচাৰৰ বাবে যোৱা ১০ অক্টোবৰত ভৰ্তি হৈছিল । চকুৰ অস্ত্ৰোপচাৰ হোৱাৰ পাচত তেওঁক চোৱা-চিতাৰ বাবে কোনো লোক নথকাৰ বাবে নাৰ্ছিং কেয়াৰৰ বাবে আছিল যদিও কেইবাটাও ৰোগত আক্ৰান্ত এলি আহমেদ অসুস্থ হৈ পৰাত ছেমি আই চি ইউত ভৰ্তি কৰোৱা হয় । বৰ্তমান ছেমি আই চি ইউৰ পৰা কেবিনলৈ স্থানান্তৰ কৰা হৈছে । তেওঁক হাস্পতালৰ পৰা যাবলৈ দিব পৰা হৈছে যদিও কোনো আত্মীয় নথকাৰ বাবে ৰিলিজ দিব পৰা নাই ৷’’

মন কৰিবলগীয়া যে, নাজিৰাত জন্মগ্ৰহণ কৰা বিশিষ্ট সাহিত্যিকগৰাকীৰ কোনো আত্মীয়ই বৰ্তমানলৈ হাস্পতাল কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰা নাই ।

লগতে পঢ়ক:Actor Jatin Bora : যতীন বৰাও এদিন এনেদৰে সমালোচিত হ’ব বুলি কোনোবাই ভাবিছিলনে !

ABOUT THE AUTHOR

...view details