গুৱাহাটী,29 ডিচেম্বৰ: বিশিষ্ট সাহিত্যক কনকসেন ডেকালৈ ড৹ ময়িদুল ইছলাম বৰা সাহিত্য বঁটা ৷ মঙলবাৰে দিছপুৰ প্ৰেছ ক্লাৱত বিশিষ্ট সাহিত্যিক গৰাকীক প্ৰদান কৰা হয় এই বঁটা ৷ অৰুণোদয় সাহিত্য সভা আৰু ড৹ময়িদুল ইছলাম বৰা স্মৃতিৰক্ষা সমিতিৰ যুগ্ম উদ্যোগত 2020 বৰ্ষত এই বঁটাৰ বাবে মনোনিত কৰা হয় কনকসেন ডেকাক ৷ উল্লেখ্য যে, প্ৰতিবছৰে অৰুণোদয় সাহিত্য সভা আৰু ড৹ময়িদুল ইছলাম বৰা স্মৃতিৰক্ষা সমিতিয়ে অসমৰ প্ৰথম গৰাকী ডক্টৰেট ডিগ্ৰীধাৰী ড৹ময়িদুল ইছলাম বৰাৰ স্মৃতিত প্ৰদান কৰি আহিছে এই বঁটা ৷
বিশিষ্ট সাহিত্যক কনকসেন ডেকালৈ ড৹ময়িদুল ইছলাম বৰা সাহিত্য বঁটা
বিশিষ্ট সাহিত্যক কনকসেন ডেকালৈ ড৹ময়িদুল ইছলাম বৰা সাহিত্য বঁটা ৷ অৰুণোদয় সাহিত্য সভা আৰু ড৹ ময়িদুল ইছলাম বৰা স্মৃতিৰক্ষা সমিতিৰ যুগ্ম উদ্যোগত 2020 বৰ্ষৰ এই বঁটাৰ বাবে মনোনিত কৰা হয় কনকসেন ডেকাক ৷
আনহাতে, বঁটাটি লাভ কৰি যথেষ্ট আনন্দিত বুলি মন্তব্য কৰে সাহিত্যিক কনকসেন ডেকাই ৷ বৰ্তমান সময়ত প্ৰকাশ পোৱা লিখনি সমূহত সহজ চিন্তাৰ প্ৰতিফলন ঘটা বুলি মন্তব্য কৰি সাহিত্যিক গৰাকীয়ে এই ক্ষেত্ৰত ড৹ময়িদুল ইছলাম বৰাৰ দিকদৰ্শনমূলৰ লিখনিসমূহৰ কথা উল্লেখ কৰে ৷ মৰনোত্তৰভাৱে ড৹ ময়িদুল ইছলাম বৰাক সন্মান প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায় কনকসেন ডেকাই ৷ ইয়াৰ উপৰিও শিৱসাগৰত ড৹ ময়িদুল ইছলাম বৰাৰ স্মৃতিত এটি ভৱন নিৰ্মানৰ বাবেও আহ্বান জনায় কনকসেন ডেকাই ৷
লগতে পঢ়ক-ওৰে জীৱন বনকৰা হিচাপে ৰাখি সৎকাৰৰ দায়িত্ব ন'ললে আঢ্যৱন্ত পৰিয়ালে