অসম

assam

ETV Bharat / state

Orange alert in Assam: অহা এসপ্তাহলৈ ৰাজ্যত অব্যাহত থাকিব বৃষ্টিপাত

অসমত ৪৮ ঘণ্টাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰী কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত ৰাজ্যত সপ্তাহৰ বাকীকেইটা দিনতো প্ৰবলৰপৰা অতি প্ৰবল বৃষ্টিপাত অব্যাহত থাকিব ।

Assam weather report
Orange alert in Assam

By

Published : Jun 15, 2023, 5:51 PM IST

গুৱাহাটী, ১৫ জুন:অসমত মৌচুমী বতাহৰ প্ৰভাৱ অধিক সক্ৰিয় হৈ থকাৰ পৰিপ্ৰেক্ষিতত বতৰ বিজ্ঞান বিভাগে অহা ৪৮ ঘণ্টাৰ বাবে ৰাজ্যখনত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে । গুৱাহাটীৰ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই শেহতীয়াকৈ প্ৰকাশ কৰা মতে, অসমত বৰ্তমান দক্ষিণ-পশ্চিম মৌচুমী বতাহ সক্রিয় হৈ আছে । মৌচুমী বতাহৰ প্ৰভাৱত বংগোপ সাগৰৰ পৰা উত্তৰ-পূব অভিমুখে জলীয়বাষ্পৰ প্ৰবাহ অব্যাহত আছে । সপ্তাহৰ বাকীকেইটা দিনতো ৰাজ্যজুৰি প্ৰবলৰপৰা অতি প্ৰবল বৃষ্টিপাত অব্যাহত থাকিব ।

অসমত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই

যোৱা ২৪ ঘণ্টাত ৰাজ্যৰ সৰ্বাধিক বৰষুণ হয় উত্তৰ লখিমপুৰত ১০২ মিঃ মিঃ, চাউলধোৱা ঘাটত ১১০ মিঃ মিঃ হাফলং আৰু ৰঙানদীত ১০০ মিঃমিঃ । যোৱা ৮ জুনৰ পৰা বৃহস্পতিবাৰ পর্যন্ত ৰাজ্যখনত বৰষুণৰ পৰিমাণ আছিল ৯৯.১ মিঃ মিঃ, যিটো স্বাভাৱিক বৰষুণৰ মাত্ৰাতকৈ ৫ মিঃ মিঃ অধিক । অৱশ্যে পহিলা জুনৰপৰা ১৪ জুনলৈ ৰাজ্যখনত বৰষুণৰ ঘাটী আছিল ৪০ শতাংশ । এই সময়ছোৱাত ১৭৮.৭ মিঃ মিঃ বৰষুণ স্বাভাৱিক বুলি গণ্য কৰা হয় যদিও প্রকৃত বৰষুণৰ পৰিমাণ আছিল ১০৭.৪ মিঃ মিঃ ।

ইপিনে মৌচুমী বতাহৰ প্ৰৱেশৰ ফলত যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া ৰাজ্যত আৰম্ভ হৈছে বান, খহনীয়া আৰু ভূমিস্খলনৰ তাণ্ডৱ । বাৰিষাৰ প্ৰথমটো বানৰ কৱলত পৰিছে লখিমপুৰ আৰু ধেমাজি জিলা । আনহাতে, শিলচৰৰ সোণাপুৰত হোৱা ভূমিস্খলনৰ ফলত বন্ধ হৈছে গুৱাহাটী-শিলচৰ সংযোগী পথ । আনহাতে, ব্ৰহ্মপুত্ৰ আৰু জীয়াভৰলী নৈ আজিও সতর্কতামূলক সীমাৰ ওপৰেদি বৈ আছে । অৱশ্যে বিপদসীমা অতিক্রম কৰা নাই ।

লগতে পঢ়ক:Water level of the Subansiri River is rising: যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হ’ব পাৰে সোৱণশিৰিৰ বক্ষত

অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে প্রকাশ কৰা তথ্য অনুসৰি, লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰু নাওবৈচা ৰাজহ চক্ৰৰ ১৭খন গাঁও আৰু ধেমাজি জিলাৰ দুখন গাঁওসহ ১৯ খন গাঁও বাৰিষাৰ প্ৰথমটো বানৰ কৱলত পৰিছে । শিঙৰা নৈৰ মথাউৰি বাঢ়নী পানীয়ে ছিঙি নিয়াৰ ফলত নাওবৈচাৰ বিস্তীর্ণ অঞ্চল প্লাৱিত হৈছে । লখিমপুৰ জিলাৰ প্ৰায় ২১ হাজাৰ লোক বানৰ কৱলত পৰিছে । ইয়াৰ ভিতৰত প্ৰায় আঢ়ৈ হাজাৰ শিশু আছে । জিলাখনৰ ৪.৫০ হেক্টৰ কৃষিভূমি বানত বুৰ গৈছে ।

আনহাতে, ধেমাজি জিলাৰ ডেৰ শতাধিক লোক বানৰ কৱলত পৰাৰ লগতে ৯ হেক্টৰ কৃষিভূমিত বাঢ়নি পানী সোমাইছে । তদুপৰি বিশ্বনাথ, দৰং আৰু ধেমাজিত পাঁচটা মথাউৰিৰ বাঢ়নি পানীয়ে ক্ষতি কৰাৰ লগতে চাৰিটা পথ নষ্ট কৰিছে । আনহাতে, শিলচৰৰ সোণাপুৰত ভূমিস্খলনৰ বাবে গুৱাহাটী-শিলচৰ সংযোগী পথছোৱাৰে যাতায়াত ব্যৱস্থা প্রভাৱিত হৈছে । ডিমা হাচাওৰ হাফলঙতো দুটা স্থানত ভূমিস্খলন হৈছে । ইপিনে, বিশ্বনাথ আৰু গোলাঘাটত ব্ৰহ্মপুত্ৰ আৰু উত্তৰ লখিমপুৰত সোৱণশিৰি নৈয়ে খহনীয়া সৃষ্টি কৰিছে ।

ABOUT THE AUTHOR

...view details