অসম

assam

ETV Bharat / state

তিনিদিনলৈ গুৱাহাটী আৰু উপকন্ঠ অঞ্চলত প্ৰচণ্ড বৰষুণ হোৱাৰ আগজাননী - Flood in Guwahati

তিনিদিনলৈ গুৱাহাটী আৰু ইয়াৰ উপকন্ঠ অঞ্চলত প্ৰচণ্ড বৰষুণ হোৱাৰ আগজাননী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ(Heavy rain forecast for Guwahati for three days) । ইতিমধ্যেই মঙলবাৰে পুৱাৰে পৰা মূষলধাৰে বৰষুণে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছে গুৱাহাটী মহানগৰীত ।

তিনিদিনলৈ গুৱাহাটী আৰু উপকন্ঠ অঞ্চলত প্ৰচণ্ড বৰষুণ হোৱাৰ আগজাননী
তিনিদিনলৈ গুৱাহাটী আৰু ইয়াৰ উপকন্ঠ অঞ্চলত প্ৰচণ্ড বৰষুণ হোৱাৰ আগজাননী

By

Published : Jun 14, 2022, 3:17 PM IST

গুৱাহাটী,১৪ জুন: মংগলবাৰৰ পৰা অহা তিনিদিনলৈ গুৱাহাটী আৰু ইয়াৰ উপকন্ঠ অঞ্চলত প্ৰচণ্ড বৰষুণ হোৱাৰ আগজাননী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই(Heavy rain forecast for Guwahati for three days) । বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননী অনুসৰি মংগলবাৰৰ পুৱাৰ পৰা বুধবাৰলৈ ৭-১১ ছেন্টিমিটাৰ , বুধবাৰৰ পুৱাৰ পৰা বৃহস্পতিবাৰলৈ ৭-২০ ছেন্টিমিটাৰ আৰু বৃহস্পতিবাৰৰ পুৱাৰ পৰা শুক্ৰবাৰলৈ ৭-১১ ছেন্টিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

এই সময়ছোৱাত গুৱাহাটী আৰু উপকন্ঠ অঞ্চলৰ ঠায়ে ঠায়ে কৃত্ৰিম বান হোৱাৰ আশংকা কৰা হৈছে(Flood in Guwahati) । পথ আৰু উপপথবোৰ জলমগ্ন হৈ থকাৰ বাবে যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিব । কৃত্ৰিমবানৰ বাবে মহানগৰীৰ কিছুমান এলেকাত পানী যোগান , বিদ্যুৎ সংযোগৰ লগতে পৌৰ নিগমে আগবঢ়োৱা বিভিন্ন সেৱা ব্যাহত হোৱাৰো সম্ভাৱনা প্ৰকট হৈ উঠিছে ।

পাহাৰীয়া এলেকাবোৰত ভূমিস্খলনৰ আশংকাও কৰা হৈছে(Landslide in Guwahati) । এই সময়ছোৱাত কৃত্ৰিম বানত বুৰ যোৱা এলেকালৈ পৰাপক্ষত নোযোৱাৰ আৰু ভূমিস্খলন হ'ব পৰা এলেকাৰ পৰা নিৰাপদ স্থানত অৱস্থান কৰাৰ পৰামৰ্শ আগবঢ়াইছে বতৰ বিজ্ঞান কেন্দ্ৰই । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই গুৱাহাটী মহানগৰ এলেকা, চন্দ্ৰপুৰ, কলাক্ষেত্ৰ, সৰুসজাই আৰু গুৱাহাটীৰ কাষৰীয়া এলেকাৰ বাবে এই আগজাননী দিছে ।

লগতে পঢ়ক:লখিমপুৰৰ তিনি কোটি টকীয়া পথৰ ওপৰত পানী

ABOUT THE AUTHOR

...view details