ৰঙিয়া, 28 জুলাই:বছৰৰ দ্বিতীয়টো বানে বাৰুকৈ ক্ষতিগ্ৰস্ত কৰিছে ৰাজ্যবাসীক (Flood in Assam)৷ সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো বানৰ সংহাৰী ৰূপত বিধ্বস্ত বহু অঞ্চল ৷ ঘৰ-বাৰী, ভেটি-মাটিৰ লগতে ক্ষতিগ্ৰস্ত হৈছে শস্য-পথাৰ ৷ বানত সৰ্বস্ব হেৰুৱাই দিশহাৰা ৰঙিয়াৰ বহু অঞ্চলৰ ৰাইজ ৷
বুধবাৰে ৰঙিয়াত আন্তঃৰাষ্ট্ৰীয় ৰেড ক্ৰছ চছাইটিৰ তৰফৰ পৰা বানে ক্ষতিগ্ৰস্ত কৰা বহু অঞ্চলত সাহাৰ্য্য বিতৰণ কৰে (International Red Cross Society distributed Flood relief in Rangiya) ৷ সংগঠনটোৰ ৰাজ্যিক আৰু জিলা সমিতিৰ উদ্যোগত ৰঙিয়া ৰেড ক্ৰছ শাখাই ৰঙিয়া মহকুমাৰ অন্তৰ্গত চিৰাখুন্দি, নকুছি, ধুহিবালা আৰু জাপিয়া অঞ্চলৰ প্ৰায় তিনিশ বানপীড়িতৰ মাজত নিত্য ব্যৱহাৰ্য্য সামগ্ৰী বিতৰণ কৰে (Red Cross Society distributed essential items to flood affected people)। তুলি, কম্বল, ছাতি, ৰন্ধনৰ বিভিন্ন সা-সঁজুলি, আঠুৱা, টৰ্চলাইটকে ধৰি বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা পৰিলক্ষিত হয় ।