অসম

assam

ETV Bharat / state

ৰাজ্যৰ ২৪ জিলাত সম্পন্ন চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা - Internet service down in assam

ৰাজ্যৰ ২৪ খন জিলাৰ ১,০৩৬ টা কেন্দ্ৰত আজি অনুষ্ঠিত হয় চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা (Recruitment examination) ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে অনুষ্ঠিত হৈ যায় এই পৰীক্ষা ৷ পুৱা ১০ বজাৰ পৰা ১২ বজালৈ আৰু দিনৰ ২ বজাৰ পৰা ৪ বজালৈ দুটা ভাগত প্ৰথম পৰ্যায়ৰ পৰীক্ষা সম্পূৰ্ণ হৈ যায় ।

Recruitment examination Held in Assam
ৰাজ্যৰ ২৪ খন জিলাত আজি অনুষ্ঠিত হয় চতুৰ্থ বৰ্গৰ পৰীক্ষা

By

Published : Aug 21, 2022, 7:30 PM IST

গুৱাহাটী, ২১ আগষ্ট: আজি ৰাজ্যজুৰি অনুষ্ঠিত হয় অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষা (Recruitment examination)। ৰাজ্যৰ ২৪ খন জিলাত এই লিখিত পৰীক্ষা অনুষ্ঠিত হয় । পুৱা ১০ বজাৰ পৰা ১২ বজালৈ আৰু দিনৰ ২ বজাৰ পৰা ৪ বজালৈ দুটা ভাগত প্ৰথম পৰ্যায়ৰ পৰীক্ষা সম্পূৰ্ণ হৈ যায় । দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীর্ণই পুৱা দহ বজাৰ পৰা বিয়লি ১২ বজালৈ আৰু অষ্টম শ্ৰেণীলৈকে পঢ়া আবেদনকাৰীয়ে বিয়লি দুই বজাৰ পৰা চাৰি বজালৈ পৰীক্ষাত অৱতীৰ্ণ হয় ।

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে অনুষ্ঠিত হয় এই পৰীক্ষা । পৰীক্ষা অনুষ্ঠিত প্ৰতিখন জিলাৰ পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ আশে পাশে ১৪৪ ধাৰা বলবৎ কৰা হয় । ৰাজ্যৰ ২৪ খন জিলাৰ মুঠ ১,০৩৬ টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হয় ।

উল্লেখ্য যে পৰীক্ষাৰ সময়ছোৱাত পৰীক্ষা অনুষ্ঠিত হোৱা জিলাসমূহৰ ইন্টাৰনেট সেৱা বন্ধ ৰখা হ’ব বুলি ছেবাই সংবাদ মাধ্যমৰ আগত ঘোষনা কৰিছিল ৷ কথা মতেই কাম, পুৱা ৯.৩০ বজাৰ পৰা পৰীক্ষা শেষ হোৱাৰ এঘন্টা পিছলৈ ইন্টাৰনেট সেৱা বন্ধ ৰখা হয় (Internet service down in Assam)।

উল্লেখ্য যে ২৮ আগষ্ট আৰু ১১ ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব । প্ৰায় ২৬,০০০ পদৰ বাবে তিনিওটা দিনত ১৪ লাখ ৩০ হাজাৰ ৪৩৭ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব । আনহাতে, ২৮ আগষ্ট আৰু ১১ ছেপ্টম্বৰত তৃতীয় বৰ্গৰ পৰীক্ষাও অনুৰূপ ধৰণে অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ ।

লগতে পঢ়ক:তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ ৰাজ্য চৰকাৰৰ অগ্নিপৰীক্ষা

ABOUT THE AUTHOR

...view details