অসম

assam

ETV Bharat / state

অভিলেখ: গুৱাহাটীত বিশ্বকৰ্মা পূজাত ৬.২০ কোটি টকাৰ সুৰা বিক্ৰী - Recorded liquor sale in bishwakarma puja

পূৰ্বৰ অভিলেখ ভংগ কৰি গঢ়িলে নতুন অভিলেখ । অৱশ্যে এই অভিলেখ ইতিবাচক নে নেতিবাচক সেয়া ৰাইজে নিজেই বিবেচনা কৰিব । সুৰা বিক্ৰীৰ ক্ষেত্রত গুৱাহাটী মহানগৰীয়ে গঢ়িছে অভিলেখ (Wine selling record of Guwahati) । পূৰ্বৰ ৩ কোটিৰ ঠাইত এইবাৰ ৬ কোটি । অৰ্থাৎ দুগুণ বিক্ৰী হ'ল সুৰা (Liquor worth Rs 6 crore sold in Guwahati) ।

recorded liquor sale in guwahati
অভিলেখ: গুৱাহাটীত বিশ্বকৰ্মা পূজাত ৬.২০ কোটি টকাৰ সুৰা বিক্ৰী

By

Published : Sep 18, 2022, 8:36 PM IST

গুৱাহাটী,১৮ ছেপ্টেম্বৰ: নতুন অভিলেখ সৃষ্টি কৰিলে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীয়ে । পূৰ্বৰ নিজৰ অভিলেখ ভংগ কৰি গঢ়িলে নতুন অভিলেখ । অৱশ্যে এই অভিলেখ ইতিবাচক নে নেতিবাচক সেয়া ৰাইজে নিজেই বিবেচনা কৰিব । কাৰণ সুৰা বিক্ৰীৰ ক্ষেত্রত গুৱাহাটী মহানগৰীয়ে গঢ়িছে অভিলেখ (Wine selling record of Guwahati) ।

পূৰ্বৰ ৩ কোটিৰ ঠাইত এইবাৰ ৬ কোটি । অৰ্থাৎ দুগুণ । পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে গুৱাহাটীয়ে । এইবাৰ বিশ্বকৰ্মা পূজাত অসমৰ অৰ্থনীতি মজবুত কৰাত বৃহৎ যোগদান দিলে সুৰাপায়ী সকলে । বিশ্বকৰ্মা পূজাৰ দিনটোত অৰ্থাৎ শনিবাৰে গুৱাহাটীত বিক্ৰী হ'ল মুঠ ৬.২০ কোটি টকাৰ সুৰা(Liquor worth Rs 6 crore sold in Guwahati) । ২০২১ বৰ্ষত এই পৰিমাণ আছিল ৩.৭০ কোটি টকা ।

বিগত বৰ্ষৰ তুলনাত এই বৰ্ষত ৫০ শতাংশ অধিক সুৰা বিক্ৰী হৈছে (Recorded liquor sale in bishwakarma puja) । এটা দিনতো এইদৰে সুৰা বিক্ৰী হৈ একপ্ৰকাৰ অভিলেখ গঢ়িছে গুৱাহাটীৰ সুৰাপায়ী সকলে । নৱবৰ্ষ, দুৰ্গা পূজা আদি বিভিন্ন উৎসৱ-পাৰ্বনত নতুন নতুন অভিলেখ গঢ়ি সুৰা বিক্ৰী ক্ৰমাৎ বৃদ্ধি পাই গৈ আছে । সুৰাৰ এই ব্যাপক চাহিদা বৃদ্ধি ভাল নে বেয়া সেয়া অসমৰ ৰাইজে বিবেচনা কৰিব ।

লগতে পঢ়ক:অসংখ্যজনে স্ব-ভূমিলৈ আদৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালক

ABOUT THE AUTHOR

...view details