গুৱাহাটী, ১৫ জানুৱাৰী : দালালৰাজ তথা মধ্যভোগীৰ দৌৰাত্ম্য নোহোৱা কৰি কৃষকৰ পৰা প্ৰত্যক্ষভাৱে ধানক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ ফলত ৰাজ্যত ন্যূনতম সমৰ্থিত মূল্যত (এম এছ পি) ধানবিক্ৰীয়ে অভিলেখ গঢ়িছে (Assam Paddy Procurement)৷
পূৰ্বে অস্তিত্বহীন বিক্ৰীকেন্দ্ৰ(Paddy Procurement centre Assam) তথা যোগান বিভাগে কৃষকক ধান ক্ৰয়ৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰিব নোৱাৰাৰ ফলত ন্যূনতম সমৰ্থিত মূল্য (এম এছ পি)ৰ পৰা বঞ্চিত হৈছিল কৃষক ৷ আনকি চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া এম এছ পিৰ বিপৰীতে মধ্যভোগীয়ে কৃষকৰ পৰা ধান ক্ৰয় কৰি বজাৰত অধিক মূল্যত বিক্ৰী কৰিবলৈ সক্ষম হৈছিল ৷ এনে এক বিসংগতি তথা মধ্যভোগীৰ আগমনে প্ৰকৃত মূল্যৰ পৰা কৃষকক বঞ্চিত কৰি ৰখাৰ পাছত শেহতীয়াকৈ এম এছ পি নিৰ্ধাৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ব্যৱস্থাই কৃষক ৰাইজক লাভৱান কৰি তুলিছে ৷
উল্লেখ্য যে বর্তমান ৰাজ্য চৰকাৰে প্ৰতি কুইণ্টল ধানৰ বিপৰীতে এম এছ পি নিৰ্ধাৰণ কৰিছে ২,০৪০ টকা ৷ বজাৰ মূল্যতকৈ অধিক দৰত ধান বিক্ৰীৰ সুযোগ লাভ কৰিয়েই বিগত বৰ্ষত যোগান বিভাগক ধান বিক্ৰী কৰি লাভৱান হৈছে ৪০,০৪৩ জন কৃষক ৷ আনহাতে ধান বিক্ৰীৰ জৰিয়তে এইসংখ্যক কৃষকে লাভ কৰিছে ১,০৯৭,৩৩,৯৬,৬০০ কোটি টকা ৷
যোগান বিভাগৰ তথ্য অনুসৰি ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত ২১৫ টা ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে বিগত বৰ্ষত কৃষকে বিক্ৰী কৰিছে ৫.৬৫ লাখ মেট্ৰিক টন ধান । যোগান বিভাগে বিগত বৰ্ষসমূহৰ সকলো ৰেকৰ্ড ভংগ কৰি ২০২১-২২ বৰ্ষত ধান ক্ৰয়েৰে ইতিহাস ৰচনা কৰিছিল৷ ইয়াৰ ফলত লাভৱান হৈছিল ৰাজ্যৰ কৃষকসকল । চলিত বৰ্ষত ধান ক্ৰয়ৰ বাবে যোগান বিভাগে লক্ষ্য বান্ধি লৈছে ১০,২০,৯০০ মেট্ৰিক টন (Paddy sales at minimum support price Assam)।
যোগান বিভাগৰ তথ্য অনুসৰি ২০২২-২৩ বৰ্ষত এতিয়ালৈ ধান বিক্ৰীৰ জৰিয়তে কৃষকে ৭০,৭৩,২৮,৫৮৮ টকা এম এছ পিৰ জৰিয়তে লাভ কৰিছে । চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিগত বৰ্ষত ৰাজ্যৰ ৮৫ শতাংশ ধান খেতি কৰা কৃষকক ধান ক্ৰয়ৰ এই প্ৰক্ৰিয়াত সাঙুৰি লোৱা হৈছে । অৰ্থাৎ ৰাজ্যখনৰ ২৭.৫০ লাখ কৃষকৰ অধিকাংশ কৃষকেই বিগত বৰ্ষত ধান বিক্ৰীৰ জৰিয়তে সৰ্বাধিক লাভৰ সন্মুখীন হৈছে (Assam Paddy Procurement records) ।