গুৱাহাটী,২ এপ্ৰিল :ভোটাৰক সজাগ কৰাৰ অৰ্থে 'প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনত অংশগ্ৰহণ' চমুকৈ 'ছুইপ'ৰ অধীনত চলাই থকা অভিযানৰ অংশ হিচাপে আজি বঙাইগাঁও জিলা নিৰ্বাচনী বিষয়াৰ বিশেষ উদ্যোগত বঙাইগাঁৱৰ কাকৈজানা সংৰক্ষিত বনাঞ্চলত ভোটাৰৰ দ্বাৰা গছপুলি ৰোপনৰ এক বিশেষ কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই কাৰ্যসূচীৰ দ্বাৰা একে ঠাইতে সৰ্বাধিক গছপুলি ৰোপণৰ ভাৰতৰ ভিতৰত অভিলেখ গঢ়িলে অসমে।
'গণতন্ত্ৰৰ সৈতে শ্ৰীবৃদ্ধি' শীৰ্ষক বিষয়েৰে জিলা নিৰ্বাচনী বিষয়া ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই জিলাখনৰ ভোটাৰসকলক সজাগ কৰাৰ বাবে গ্ৰহণ কৰা এই কাৰ্যসূচীত ১৫০০ তকৈ অধিক ভোটাৰে অংশগ্ৰহণ কৰে। আজি দিনৰ ১১ বজাত আৰম্ভ হোৱা এই বৃক্ষৰোপণ কাৰ্যসূচীত ৩২ মিনিটৰ ভিতৰত ৩২ হাজাৰ গছপুলি ৰোপণ কৰা হয়। বিধানসভাৰ বঙাইগাঁও সমষ্টিৰ ক্ৰমিক নম্বৰ ৩২ হোৱা বাবেই ৩২ হাজাৰ গছপুলি ৰোপণৰ ব্যৱস্থা কৰা হয়।
৩২ মিনিটত ৩২ হাজাৰ গছপুলি ৰোপণ কৰি বঙাইগাঁৱত অভিলেখ এই অনুষ্ঠানত উপস্থিত থাকি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ জুৰি সদস্য জিতেন্দ্ৰ জৈনে ভোটাৰক সজাগ কৰাৰ বাবে একে স্থানত একে সময়তে সৰ্বাধিক গছপুলি ৰোপণ কৰাৰ ক্ষেত্রত অভিলেখ গঢ়াৰ প্ৰমাণ পত্র প্ৰদান কৰে। গছপুলি ৰোপণ কাৰ্যসূচীত স্থানীয়ভাৱে সহজতে পোৱা আৰু কাকৈজানা সংৰক্ষিত বনাঞ্চলত থকা সোণালী বান্দৰৰ খাদ্যৰ উৎস হিচাপে আমলখি, ভৈৰা, জামু, গমাৰি, কৰৈ, শিলিখা, ভাতঘিলা, খাচিয়া বাদাম, পমা, মধুৰীআম, লেতেকু, কঠাল, অৰ্জুন, উৰিয়াম, এজাৰ, বকুল, দেৱদাৰু, অশোক, ম'জ, অমৰা, কছৰ, কাঞ্চন, জলফাই, তেতেলী, পনিয়ল, চতিয়না আদি গছৰ পুলি ৰোপণ কৰা হয়।
উল্লেখ যে সোণালী বান্দৰক বঙাইগাঁও নিৰ্বাচনী জিলাৰ শুভংকৰ ৰূপে ঘোষণা কৰা হৈছে। এই কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্রত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই যাৱতীয় সকলো সহযোগিতা আগবঢ়ায়। গছপুলি ৰোপণ কাৰ্যসূচীত ৰাজ্যিক নিৰ্বাচনী আইকন বিশিষ্ট অভিনেতা কপিল বৰা, বিশিষ্ট কণ্ঠশিল্পী অনিন্দিতা পাল আৰু পেৰাচাইক্লিষ্ট ৰাকেশ বণিক আৰু উপ মুখ্য নিৰ্বাচনী বিষয়া ডিম্পল বৰুৱা উপস্থিত থাকি ৬ এপ্ৰিলত হ'বলগীয়া অন্তিম পৰ্যায়ৰ নিৰ্বাচনত সকলোকে ভোটদান কৰিবৰ বাবে উৎসাহিত কৰে।
লগতে পঢ়ক : ‘এম চি এম চি’ৰ অনুমােদন অবিহনে প্ৰকাশ কৰিব নােৱাৰিব বিজ্ঞাপন