অসম

assam

ETV Bharat / state

ক'ভিডকালৰ ২০২১-২২ বৰ্ষৰ কেন্দ্ৰীয় বাজেটে কি দিলে ৰিয়েল ইষ্টেট খণ্ডক - ৰিয়েল ইষ্টেট খণ্ড

নিৰ্মাণ খণ্ডটোৱে সন্মুখীন হৈ অহা প্ৰত্যাহ্বান আৰু কেন্দ্ৰীয় বাজেট সন্দৰ্ভত ইটিভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত আছাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকছাৰ ডেভল’পাৰ্ছ এছ’চিয়েশ্যন চমুকৈ ‘AREIDA’ৰ প্ৰতিষ্ঠাপক সভাপতি পি কে শৰ্মা । ২০২১-২২ বৰ্ষৰ কেন্দ্ৰীয় বাজেটে অসমৰ ৰিয়েল ইষ্টেট উদ্যোগটোক বিশেষভাৱে উপকৃত কৰিব নোৱাৰিলে । এক বিশেষ প্ৰতিবেদন ।

What got MSME's real estate segment in the 2021-22 budget
ক'ভিডকালৰ ২০২১-২২ বৰ্ষৰ কেন্দ্ৰীয় বাজেটে কি দিলে ৰিয়েল ইষ্টেট খণ্ডক

By

Published : Jan 29, 2022, 8:36 PM IST

গুৱাহাটী,২৯ জানুৱাৰী :ক'ভিড মহামাৰীৰ প্ৰভাৱ বিভিন্ন ক্ষেত্রৰ লগতে ৰিয়েল ইষ্টেট খণ্ডতো পৰিছে । বৰ্ত্তমান সময়ত নিৰ্মাণ খণ্ডটোৱে ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে । বিগত দুটা বৰ্ষত ক'ভিড পৰিস্থিতিৰে মোকাবিলা কৰা এই খণ্ডটোক শ্ৰমিকৰ অভাৱ, বজাৰৰ হতাশাজনক অৱস্থা, নিৰ্মাণ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি আদিকে ধৰি বিভিন্ন কাৰণত নিৰ্মাণ কাৰ্য তথা প্ৰকল্পসমূহৰ বিলম্বই বিৰূপ প্ৰভাৱ পেলাইছে(real estate sector failed to thrive after 2021-22 budget) ।

শেহতীয়াকৈ ক'ভিড পৰিস্থিতি কিছু উন্নত হোৱাত নিৰ্মাণ খণ্ডটোৱে ক্ৰমাৎ মূৰ দাঙি উঠিছে । অৱশ্যে সন্মূখত এতিয়াও বহু প্ৰত্যাহ্বান আছে । দেশৰ অৰ্থনীতিত বিশেষ অৰিহণা আগবঢ়োৱা ৰিয়েল ইষ্টেট খণ্ডটোৰ উত্তৰণৰ বাবে ২০২১-২২ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত কেতবোৰ বিশেষ ঘোষণা কৰা হৈছিল ।

অসমৰ দৰে ৰাজ্যত কেন্দ্ৰীয় চৰকাৰৰ বাজেটে ৰিয়েল ইষ্টেট খণ্ডক যথেষ্ট সকাহ প্ৰদান কৰিছিল যদিও বহুক্ষেত্রত এতিয়াও সুফল পৰিলক্ষিত হোৱা নাই । বিশেষকৈ ঋণৰ ক্ষেত্রত দিয়া সকাহে সকলোকে স্পৰ্শ কৰিব পৰা নাছিল । নিৰ্মাণ খণ্ডটোৱে সন্মুখীন হৈ অহা প্ৰত্যাহ্বান আৰু কেন্দ্ৰীয় বাজেট সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাতকাৰত আছাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকছাৰ ডেভল’পাৰ্ছ এছ’চিয়েশ্যন চমুকৈ ‘AREIDA’ৰ প্ৰতিষ্ঠাপক সভাপতি পি কে শৰ্মাই বিভিন্ন দিশ সন্দৰ্ভত আলোকপাত কৰে ।

ক'ভিডকালৰ ২০২১-২২ বৰ্ষৰ কেন্দ্ৰীয় বাজেটে কি দিলে ৰিয়েল ইষ্টেট খণ্ডক

তেওঁ কয় যে, "ৰিয়েল ইষ্টেট উদ্যোগটোৱে দেশৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । এই কথা প্ৰতিখন চৰকাৰেও স্বীকাৰ কৰি আহিছে । ক'ভিডৰ প্ৰথম ঢৌত এই ৰিয়েল ইষ্টেট খণ্ডটো বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল । বহু প্ৰকল্প বন্ধ হৈ গৈছিল । তেতিয়া চৰকাৰে কেতবোৰ আঁচনি ঘোষণা কৰিছিল। এম এছ এম ইত কিছুমান ঋণৰ সুবিধা কৰি দিছিল। আনহাতে ২০২১-২২ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ৰিয়েল ইষ্টেট খণ্ডৰ বাবে প্ৰত্যক্ষভাৱে কেতবোৰ সুবিধা প্ৰদান কৰা হৈছিল। ডেৰ লাখ টকাৰ আয়কৰ ৰেহাই দিয়া হৈছিল গৃহ ঋণৰ ই এম আইৰ ক্ষেত্রত। সেইদৰে ৰিয়েল ইষ্টেট উদ্যোগটোৰ বাবে বহনক্ষম গৃহৰ ক্ষেত্রত সম্পূৰ্ণৰূপে আয়কৰ ৰেহাই দিয়া হৈছিল ।"

ইয়াৰ লগতে তেওঁ কয় যে, এই ক্ষেত্রত দিয়া ঋণৰ সুবিধাই অসমত বৰ বেছি প্ৰভাৱ পেলাব নোৱাৰিলে । ৰিয়েল ইষ্টেটৰ উদ্যোগটোয়ে উপকৃত হ'ব পৰাকৈ আগন্তুক ২০২২-২৩ বৰ্ষৰ বাজেটত কেতবোৰ দিশ সন্নিবিষ্ট কৰাৰ বাবে তেওঁ গুৰুত্ব আৰোপ কৰে ।

লগতে পঢ়ক :Mission Sadbhabana: ১ ফেব্রুৱাৰীৰ পৰা অসমত আৰম্ভ সদ্ভাৱনা প্রকল্প

ABOUT THE AUTHOR

...view details