গুৱাহাটী,২৭ আগষ্ট : ৰাজধানী চহৰ গুৱাহাটীত পুনৰ ব্যৱসায়ী নিৰুদ্দেশ হোৱাৰ ঘটনা সংঘটিত হৈছে । এইবাৰ গুৱাহাটীৰ হাতীগাওঁ চাৰিআলি অঞ্চলৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে ৰিয়েল ইষ্টেট ব্যৱসায়ৰ (Real estate Business) লগত জড়িত থকা এজন প্ৰতিষ্ঠিত ব্যৱসায়ী । মহানগৰীৰ গীতানগৰ থানাৰ অন্তৰ্গত নাৰেংগী-জু ৰোডৰ মনালিছা পথৰ নিৱাসী নিৰুদ্দিষ্ট ব্যৱসায়ীজন হৈছে ৫৫ বছৰীয়া শ্ৰীধৰ বেৰীৱালা ।
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ব্যৱসায়ী জনে যোৱা প্ৰায় ২০ বছৰ ধৰি মনালিছা পথত এটা ভাড়াঘৰত কাৰ্যালয় স্থাপন কৰি ৰিয়েল ইষ্টেটৰ ব্যৱসায় কৰি আছিল । যোৱা ২৫ আগষ্টত দিনৰ ভাগত AS-০১-EA-৭০৯৬ নম্বৰৰ নিজৰ ব্যক্তিগত বাহনখন লৈ শ্ৰীধৰ বেৰিৱালাই ব্যৱসায় সংক্ৰান্তত ঘৰৰ পৰা ওলাই গৈছিল । সিদিনাৰ পৰাই প্ৰতিষ্ঠিত ব্যৱসায়ী জন ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছে ।