অসম

assam

ETV Bharat / state

প্ৰায় সম্পূৰ্ণ হৈ উঠিছে উত্তৰ-পূৱ ভাৰতৰ সৰ্বোচ্চ অট্টালিকা - উত্তৰপূৱৰ সৰ্বোচ্চ উচ্চতাৰ অট্টালিকা অসমত

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ শাসনকালতে আৰম্ভ হৈছিল অসম বিধানসভাৰ এই নতুন সুউচ্চ ১৫ মহলীয়া অট্টালিকাটো নিৰ্মাণৰ কাম

প্ৰায় সম্পূৰ্ণ হৈ উঠিছে উত্তৰ-পূৱ ভাৰতৰ সৰ্বোচ্চ অট্টালিকা

By

Published : Nov 20, 2019, 6:05 PM IST

Updated : Nov 20, 2019, 7:07 PM IST

গুৱাহাটী,20 নৱেম্বৰ:প্ৰায় সম্পূৰ্ণ হৈ উঠিছে অসম বিধানসভাৰ নতুন ভৱন । সকলো ঠিকে-ঠাকে থাকিলে বিধানসভাৰ পৰৱৰ্তী অধিবেশন এই নতুন ভৱনতে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বিজেপি কৰ্মীসকলে ৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ শাসনকালতে আৰম্ভ হৈছিল অসম বিধানসভাৰ এই নতুন সুউচ্চ ১৫ মহলীয়া অট্টালিকাটো নিৰ্মাণৰ কাম । ভৱিষ্যতে অসমত যদি উচ্চ সদন গঠন হয় তেন্তে বিধানসভা আৰু বিধান পৰিষদ এই দুয়োখন সদনৰ ব্যৱস্থা ৰখা হৈছে ১৫ মহলীয়া অসম বিধানসভাৰ এই নতুন সচিবালয়টোত। দিছপুৰত এই নতুন ভৱনটো আনুষ্ঠানিকভাবে মুকলি কৰাৰ পাচতেই স্বীকৃতি পাব উত্তৰ-পূৱ ভাৰতৰ সৰ্বোচ্চ অট্টালিকা স্বৰূপে।

প্ৰায় সম্পূৰ্ণ হৈ উঠিছে উত্তৰ-পূৱ ভাৰতৰ সৰ্বোচ্চ অট্টালিকা
Last Updated : Nov 20, 2019, 7:07 PM IST

ABOUT THE AUTHOR

...view details