গুৱাহাটী, ১ জুলাই:এপদ এপদকৈ ৰাজ্যৰ সকলো সম্পদ বহিৰাগত প্ৰতিষ্ঠানক গতাই দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এইখন চৰকাৰে ৷ এইবাৰ গুৱাহাটীৰ মাজমজিয়াত থকা ঐতিহ্যমণ্ডিত দীঘলীপুখুৰীক গুজৰাটৰ ব্যৱসায়ীৰ হাতত গতালে চৰকাৰে ৷ ৰজা ভগদত্তই খন্দোৱা ঐতিহাসিক দীঘলীপুখুৰী গুজৰাটী ব্যৱসায়ীক গতাই দিয়াক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷
ইতিহাস বিজড়িত গুৱাহাটীৰ মাজমজিয়াৰ দীঘলীপুখুৰীটো ১৫ বছৰৰ বাবে গুজৰাটৰ আহমেদাবাদৰ ‘ই চি এইচ টি কাংলোমেৰাট প্ৰাইভেট লিমিটেড’ নামৰ প্ৰতিষ্ঠানটো গতাই দিছে অসম পৰ্যটন উন্নয় নিগমে ৷ দীঘলীপুখুৰীৰ পাৰত থকা উদ্যান, ৰেস্তোঁৰা আদি সকলো চোৱা-চিতাৰ দায়িত্ব অৰ্পণ কৰা হৈছে প্ৰতিষ্ঠানটোক ৷
ইতিমধ্যে ৩০ লাখ ১২ হাজাৰ টকাৰ আমানতৰ ধন হিচাপে প্ৰতিষ্ঠানটোৱে পৰ্যটন উন্নয়ন নিগমক জমা দিছে । পৰ্যটন বিভাগে অতি গোপনে কেৱল দুটা প্ৰতিষ্ঠানৰ মাজত ২০২২ চনৰ ২৩ মে'ত নিবিদা প্ৰক্ৰিয়া সম্পন্ন কৰিছিল ৷ RTIৰ তথ্যত প্ৰকাশ পাইছে এই সকলো তথ্য ৷ ২ জুনৰ পৰা দীঘলীপুখুৰী চোৱা চিতাৰ দায়িত্ব লৈছে বহিৰাগত প্ৰতিষ্ঠানটোৱে ৷
ইয়াৰ লগে লগে ২ জুন অৰ্থাৎ দেওবাৰৰ পৰা বৃদ্ধি পাব টিকটৰ দাম ৷ পূৰ্বতে ৮ বছৰ বয়সৰ তলৰ শিশুৰ বাবে ৫ টকা আৰু ৮ বছৰ ওপৰৰ বাবে ১০ টকাকৈ টিকটৰ দৰ আছিল ৷ কিন্তু বৰ্তমান ৩ বছৰ বয়সলৈ টিকট বিনামূলীয়া কৰাৰ লগতে ৩ বছৰ ওপৰৰ বাবে ২০ টকাকৈ টিকটৰ দাম নিৰ্ধাৰণ কৰা হৈছে ।