জোনাই/ শিৱসাগৰ, ১৩ মাৰ্চ : বাতিল হ’ল আজি অৰ্থাৎ সোমবাৰে অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ পৰীক্ষা । দেওবাৰে ছ’চিয়েল মিডিয়াত প্ৰশ্নকাকত ভাইৰেল হোৱাৰ পিচতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ছেবাই (HSLC 2023 Science exam cancelled in Assam) । এই সন্দৰ্ভত ইতিমধ্যে বিভিন্ন জনে ব্যক্ত কৰিছে নিজ মত (Reaction on question paper leaked of HSLC) ৷
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (AJYCP) ধেমাজি জিলা সভাপতি জ্ঞান শৰ্মাই কয়, ‘‘এয়া অসম চৰকাৰৰ শিক্ষা বিভাগৰ বাবে লাজৰ বিষয় ৷ ইয়াৰ বাবে শিক্ষা বিভাগ গৰিহণাৰ যোগ্য । ছাত্ৰ-ছাত্ৰীৰ প্ৰথমখন দেওনা পাৰ হোৱা পৰীক্ষাক লৈ শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰী জীৱনক লৈ হেতালি খেলিছে ৷ ৰাজ্যখনতপ্ৰশ্নকাকতপৰীক্ষাৰ পূৰ্বেই প্ৰকাশ পোৱা কোনো নতুন বিষয় নহয় ৷ ই অসম চৰকাৰৰ ফোপোলা স্বৰূপটো উদঙাই দি আহিছে’’ ।
লগতে তেওঁ কয়, ‘‘দক্ষ চৰকাৰ বুলি দম্ভালি মাৰি থকাৰ পৰিৱৰ্তে যদি ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰী মহোদয়ে পৰীক্ষা সংক্ৰান্তীয় এনেবোৰ বিষয়ত তীক্ষ্ণ নজৰ ৰাখিলে হয়, তেতিয়া হয়তো আজি পৰীক্ষাৰ প্ৰশ্নকাকত আগতীয়াকৈ প্ৰকাশ নাপালে হয় ৷ আনকি পৰীক্ষা বাতিল কৰিবলগীয়া পৰিস্থিতি উদ্ভৱ নহ’লহেতেন ।