অসম

assam

ETV Bharat / state

9 এপ্ৰিলৰ প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ কাৰ কি সঁহাৰি ! - জ্যেষ্ঠ কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্য

5 এপ্ৰিলত নিশা 9বজাত 9 মিনিটৰ বাবে এগছি প্ৰদীপ প্ৰজ্বলন কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান কৰাৰ পিছতে বিষয়টোক লৈ সৰ্বত্ৰে চৰ্চা হোৱা পৰিলক্ষিত হৈছে ৷ কোনো কোনোৱে যদি সমৰ্থন কৰিছে আন কোনোৱে আকৌ সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী গৰাকীৰ আহ্বানক ৷ অসমতো মত পাৰ্থক্যৰ সৃষ্টি হৈছে ৷ শেহতীয়াকৈ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে এই আহ্বানক সমৰ্থন কৰিছে আনফালে এই আহ্বানক হাস্যকৰ বুলি সমালোচনা কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্যই ৷

reaction on pm narendra modi recent appeal
প্ৰধানমন্ত্ৰীয়ে জনোৱা শেহতীয়া আহ্বানকলৈ মত বিভেদ

By

Published : Apr 4, 2020, 12:24 PM IST

গুৱাহাটী,4 এপ্ৰিলঃ প্ৰধানমন্ত্ৰীৰ শেহতীয়া আহ্বানকলৈ দেশজুৰি সৃষ্টি হৈছে ভিন্ন প্ৰতিক্ৰিয়াৰ ৷ এফালে যদি কোনোৱে সমৰ্থন কৰিছে আনফালে আকৌ আন কোনোৱে হাস্যকৰ বুলি সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী মোডীৰ আহ্বানক ৷ শেহতীয়াকৈ অসমৰ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে এই আহ্বানক সমৰ্থন কৰিছে আনফালে এই আহ্বানক হাস্যকৰ বুলি সমালোচনা কৰিছে ৰাজ্যখনৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্যই ৷

মমিনুল আৱালৰ প্ৰতিক্ৰিয়া

প্ৰধানমন্ত্ৰী আহ্বানক সফল কৰিবলৈ প্ৰতিজন নাগৰিককে নিজৰ পদূলিত এগছি বন্তি জ্বলাবলৈ আহ্বান জনালে সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে । এই মাৰাত্মক কৰ'ণাৰ বিপক্ষে যুঁজ দিবলৈ এজনে আনজনৰ মনোবল বৃদ্ধি কৰিবলৈ এই কাৰ্য কৰিব লাগে বুলি উল্লেখ কৰে মমিনুল আৱালে । ইফালে সামাজিক দূৰত্ব বজাই ৰাখি সকলোকে ঘৰতে থাকিবলৈও আহ্বান জনাই সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষগৰাকীয়ে ৷

অপূৰ্ব ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া

ইফালে চৰকাৰক এই ক্ষেত্ৰত তীব্ৰ সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই । যি সময়ত এমুঠি অন্নৰ বাবে দৰিদ্ৰ জনতাই হাহাকাৰ কৰিছে। সেইসমূহত গুৰুত্ব প্ৰদান নকৰি এনেই চাকি বন্তি জ্বলাবলৈ আহ্বান জনোৱাটো হাস্যকৰ বুলি উল্লেখ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে । তাৰোপৰি চিকিৎসা কৰ্মীসকলে বৰ্তমানলৈ পৰ্যাপ্ত সা-সুবিধা পোৱাৰ পৰা বঞ্চিত হৈ আছে । সেই ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান জনাই জ্যেষ্ঠ নেতাগৰাকীয়ে ।

লগতে পঢ়কঃপ্ৰধানমন্ত্ৰী মোডীৰ বাৰ্তালৈ দেশবাসীৰ মিশ্ৰিত প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details