গুৱাহাটী, 25 ফেব্ৰুৱাৰীঃ অসম চুক্তিৰ 6 নং দফাৰ চূড়ান্ত প্ৰতিবেদনখন মঙলবাৰে আনুষ্ঠানিকভাৱে অৰ্পণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক । প্ৰতিবেদন দাখিলৰ সময়ত উপস্থিত নাছিল সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গ । প্ৰতিবেদন সমিতিৰ অধ্যক্ষ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত যোৱা এটা দলে প্ৰতিবেদনখন মুখ্যমন্ত্ৰীক দাখিল কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷
উল্লেখ্য যে, অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন কমিটিত আছুৰ তিনিজন প্ৰতিনিধি অন্তৰ্ভূক্ত আছিল ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হাতত অৰ্পণ কৰিবলগীয়া প্ৰতিবেদনখন গৃহমন্ত্ৰীগৰাকীৰ সময়ৰ অভাৱৰ বাবে মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰিবলগীয়া হয় ৷ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত ৰাজ্য চৰকাৰৰ লগত মত-বিৰোধ হোৱাৰ মাজতে ৰাজ্য চৰকাৰক সাক্ষাৎ কৰি প্ৰতিবেদন দাখিল কৰাৰ কোনো যুক্তি নাই বুলি স্পষ্টকৈ প্ৰকাশ কৰে আছুৰ উপদেষ্টা গৰাকীয়ে ৷