অসম

assam

ETV Bharat / state

গৃহমন্ত্ৰীৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিলে উপমন্যু হাজৰিকা আৰু প্ৰদ্যুৎ বৰদলৈয়ে - গৃহমন্ত্ৰী অমিত শ্বাহ

সোমবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে সংবাদমাধ্যমৰ আগত এনআৰচি আৰু এনপিআৰ দুয়োখন পৃথক বস্তু বুলি মন্তব্য কৰিছিল ৷ গৃহমন্ত্ৰীৰ এই মন্তব্যৰ পাচতে উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ অধিব্যক্তা উপমন্যু হাজৰিকা আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে তেওঁক উভতি ধৰে ৷

Reaction of Pradyut Bordoloi
উপমন্যু হাজৰিকা আৰু প্ৰদ্যুৎ বৰদলৈ

By

Published : Dec 24, 2019, 9:57 PM IST

গুৱাহাটী, 24 ডিচেম্বৰঃগৃহমন্ত্ৰীৰ অমিত শ্বাহৰ বক্তব্যৰ প্ৰত্যুত্তৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উপমন্যু হাজৰিকা আৰু প্ৰদ্যুৎ বৰদলৈয়ে ৷ সোমবাৰে সংবাদমাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এনআৰচি আৰু এনপিআৰ দুয়োখন পৃথক বস্তু বুলি মন্তব্য কৰিছিল ৷ লগতে সমগ্ৰ ভাৰতত হ'বলগীয়া এনপিআৰৰ অসমত প্ৰাসংগিকতা আছে বুলি শ্বাহে প্ৰকাশ কৰিছিল ৷

গৃহ মন্ত্ৰী গৰাকীৰ এই মন্তব্যৰ পাচতে উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই অমিত শ্বাহক উভতি ধৰে ৷ তেওঁ কয় যে, এনআৰচি আৰু এনপিআৰ পৃথক নহয় দুয়োখন একেই বস্তু আৰু গৃহমন্ত্ৰীয়ে দুয়োকে পৃথক ভাৱে উপস্থাপন কৰিছে ৷ সমগ্ৰ ভাৰতত হ'বলগীয়া এনপিআৰৰ অসমত কোনো প্ৰাসংগিকতা নাই বুলিও উল্লেখ কৰে উপমন্যু হাজৰিকাই ৷

গৃহমন্ত্ৰীক উভতি ধৰিছে উপমন্যু হাজৰিকাই

ইপিনে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে অমিত শ্বাহৰ এই মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহে সত্যৰ বিকৃতকৰণ কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰিছে ৷ এনআৰচিৰ নাম সলনি কৰি ইয়াক এনপিআৰ ৰূপে উপস্থাপন কৰা হৈছে ৷

প্ৰদ্যুৎ বৰদলৈৰ প্ৰতিক্ৰিয়া

লগতে পঢ়ক - ডিব্ৰুগড়ত জনতাৰ বজ্ৰ গৰ্জন

ABOUT THE AUTHOR

...view details