অসম

assam

ETV Bharat / state

চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ - বিধানসভা সমষ্টি

'সবকা সাথ সবকা বিকাশ'ৰ নামত বিৰোধীক প্ৰতাৰণা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ । বিৰোধী বিধায়ক থকা সমষ্টিক আওকাণ কৰি মাত্ৰ ভোট দখল কৰাৰ উদ্দেশ্যে বিজেপি দলৰ প্ৰতিনিধি থকা সমষ্টিক বিশেষ গুৰুত্ব দিয়াটো সাংবিধানিক মূল্যবোধৰ ওপৰত কুঠাৰাঘাত ।

reaction of leader of the opposition on govt policy
চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ

By

Published : Sep 14, 2021, 8:58 PM IST

গুৱাহাটী,১৪ ছেপ্তেম্বৰ : ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিৰে উন্নয়ন কৰাৰ সংবিধানৰ শপত গ্ৰহণ কৰি শাসনত বহা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে মাত্ৰ নিজ দলৰ বিধায়ক থকা সমষ্টি সমূহতহে বেছি গুৰুত্ব দিয়া দেখিবলৈ পোৱা গৈছে । এই অভিযোগ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ ।

চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতিগৰাকীয়ে কয়, ‘‘বিশেষকৈ আগন্তুক উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি থাওৰা, মৰিয়নী, ভৱানীপুৰ এই সমষ্টিকেইটাত চৰকাৰৰ ৩-৪ জনকৈ মন্ত্ৰী উপস্থিত হৈ আধাৰশিলা স্থাপন কৰাত ব্যস্ত হৈ আছে । যদিও আধাৰশিলা স্থাপন কৰি, প্ৰলোভন দেখুৱাই ৰাইজক প্ৰতাৰণা কৰাটো বিজেপি দলৰ এক বৈশিষ্ট’’ ।

লগতে পঢ়ক:পুনৰ সাংসদ হ’ব সুস্মিতা দেৱ !

তেওঁ আৰু কয় যে, বজাৰত টেঙা আমত ভিন্ন ৰং মিহলাই ভিন্ন সময়ত বিক্ৰী কৰাত তেওঁলোক সিদ্ধহস্ত । তথাপিও ৰাজ্যৰ উন্নয়নমূলক কামত বিৰোধী বিধায়ক থকা সমষ্টিক আওকাণ কৰি মাত্ৰ ভোট দখল কৰাৰ উদ্দেশ্যে বিজেপি দলৰ প্ৰতিনিধি থকা সমষ্টিক বিশেষ গুৰুত্ব দিয়াটো সাংবিধানিক মূল্যবোধৰ ওপৰত কুঠাৰাঘাত । এইক্ষেত্ৰত তেওঁ মুখ্যমন্ত্ৰীক সাংবিধানিক মূল্যবোধক প্ৰাধান্য দি সকলো সমষ্টিৰ ৰাইজৰ উন্নয়নৰ হকে কাম কৰি যাবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ৰদ-বদল

ABOUT THE AUTHOR

...view details