গুৱাহাটী,18 জুন:লক ডাউনৰ বাবে ব্যাহত হৈ পৰা জনজীৱনে সলনি কৰিলে মানুহৰ জীৱন নিৰ্বাহৰ ধাৰা ৷ লক ডাউনৰ ফলত অৰ্থনৈতিক দিশত ব্যাপক প্ৰভাৱ পৰাৰ সমান্তৰালকৈ প্ৰভাৱ পৰে শিক্ষা,সাহিত্য,সংস্কৃতি সকলো দিশতে । সাহিত্যৰ ক্ষেত্ৰত বিশেষকৈ জাতীয় মঞ্চ অসম সাহিত্য সভাৰ মজিয়াতো পৰে লক ডাউনৰ বিশেষ প্ৰভাৱ। কেইমাহমান পূৰ্বে দায়িত্ব গ্ৰহণ কৰা অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই বৰ্ণনা কৰিলে কেনেদৰে লক ডাউনৰ প্ৰভাৱ পৰিছে সাহিত্য ক্ষেত্ৰত । বহু পৰিকল্পিত কাৰ্য আধৰুৱা হোৱাৰ লগতে নতুন পৰিকল্পনাৰে সাহিত্য ক্ষেত্ৰত এক নতুন সংযোজন কৰাৰ প্ৰয়াস সম্পৰ্কে জানিবলৈ দিয়ে ইটিভি ভাৰতৰ সাংবাদিকক ৷
সাহিত্য সভাৰ বৰ্তমান স্থিতি আৰু ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে সাক্ষাৎকাৰটোত কুলধৰ শইকীয়াই জানিবলৈ দিয়ে যে,যুৱ প্ৰজন্মক সাহিত্যৰ দৰে সৃষ্টিশীল কৰ্মত আগবঢ়াই নিয়াৰ বিষয়ে চিন্তা-চৰ্চা কৰিছে অসম সাহিত্য সভাই । বৰ্তমানে আধৰুৱা হৈ থকা অসমীয়া ইউকিপিডিয়াৰ কাম সম্পূৰ্ণ কৰাৰ বাবে যুৱ প্ৰজন্মক আহ্বান জনোৱাৰ লগতে গুগ’ল অনুবাদত অসমীয়া ভাষা সংযোজনৰ বাবে কাম কৰিছে সভাই । অসমীয়া ভাষাই আন্তৰ্জাতিক ক্ষেত্ৰত এক সুকীয়া স্থান দখল কৰাৰ বাবে বৰ্তমান পাৰ্যমানে চেষ্টা কৰিছে ৷